বৰপেটা জিলা প্ৰশাসনৰ কাম কাজক প্ৰশংসা ৰাজ্যপালৰ

40

বৰপেটা  জিলা প্ৰশাসনৰ সৈতে অনুষ্ঠিত  বৈঠকত জিলাখনত চলি থকা  কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিসমূহৰ এক পৰ্যালোচনা কৰা হয় । ৰাজ্যপাল গৰাকীয়ে বৰপেটা জিলাখনত চলি থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমুহৰ ওপৰত পৰ্যালোচনা চলোৱাৰ পিছত বৰপেটা জিলা প্ৰশাসনে লোৱা ব্যৱস্থাৱলীৰ বাবে জিলা প্ৰণাসনক প্ৰশংসা কৰে ৰাজ্যপাল গৰাকীয়ে৷ উল্লেখযোগ্য যে বৰপেটা জিলাত চলি থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিত  হিতাধিকাৰী যথেষ্ট ধৰণে উপকৃত হৈছে । বৈঠকৰ অন্তত  ৰাজ্যপাল গৰাকীয়ে পি এম এ ৱাইৰ হিতাধিকাৰী , পি এম-বিশ্বকৰ্মা, অৰুণোদয়,  আৰু  আৰোহন আঁচনিৰ হিতাধিকাৰী সকলৰ লগত এক মত বিনিময় কৰে ৷আজিৰ এই বৈঠকত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিধায়ক  আশ্ৰাফুলে  হুছেইনো অংশগ্ৰহ  কৰে ৷

পৰ্যালোচনা সভাত বৰপেটা জিলাৰ আয়ুক্ত  আয়ুষ গাৰ্গ  জিলা আৰক্ষী অধীক্ষক ,সুশান্ত বিশ্ব শৰ্মা ,জিলা উন্নয়ন আয়ুক্ত , সঞ্জীৱ শৰ্মা  ,চি আৰ পি এফৰ  ১০ বি এনৰ কমান্ডেন্ট ,  এছ এছ বি  কমন্টডেন্ট ,  জিলাৰ  অতিৰিক্ত জিলা আয়ুক্ত জযন্ত বৰা মৌচুমী চেতিয়া ,গীতাশ্ৰী লাচিত  খনিন্দ্ৰ দাস , জিলাখনৰ সকলো চক্ৰ বিষয়া, সকলো সহায়ক আয়ুক্ত, সকলো  খন্ড উন্নয়ন বিষয়া আৰু জিলাৰ বিভাগ সমুহৰ মুৰব্বী থাকে৷ দুদিনীয়া ভ্ৰমণসূচীৰে বৰপেটাত উপস্থিত হোৱা ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ বৰপেটা সত্ৰ দৰ্শন কৰে ৷  বৰপেটাত নৈশ যাপন কৰা ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই  বৰপেটা সত্ৰ দৰ্শন কৰি সত্ৰত সেৱা জনায় ৷বৰপেটা সত্ৰ দৰ্শন কৰি বৰপেটা সত্ৰক মাধৱদেৱ গুৰুজনাৰ সাধনাৰ স্থল বুলি উল্লেখ কৰে ৷ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ মন্তব্য—

শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰুদুজনাই উত্তৰ-পূৱত বৈষ্ণৱ সংস্কৃতি প্ৰচাৰৰ বাবে বিশেষ ভূমিকা গ্ৰহন কৰিছিল৷ শংকৰদেৱ গুৰুজনাই গীত, নাট, সংগীত, বাদ্য আদিৰ জৰিয়তে বৈষ্ণৱ ধৰ্মক জনতাৰ কাষলৈ লৈ যোৱাৰ প্ৰয়াস চলাইছিল ৷ উত্তৰ-পূৱ ভাৰতত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ গুৰু চাৰিজনাই লোৱা প্ৰয়াসৰ কথাও উল্লেখ কৰে৷ ৰাজ্যপালে ইয়াৰ পিচতে বৰপেটা মেডিকেল কলেজ হস্পিটাল পৰিদৰ্শণ কৰি হস্পিটাল কতৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় ৷