অসমত বৃহৎভাৱে উপলব্ধ কাজি নেমুক আজি চৰকাৰে অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। তেওঁ এই সন্দৰ্ভত কয় যে আমাৰ চৰকাৰে কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াৰ অনন্য সুগন্ধি আৰু এণ্টি-অক্সিডেণ্ট গুণাগুণৰ সৈতে, অসমৰ কাজি নেমুৱে আমাৰ স্থানীয় ৰন্ধন প্ৰণালী সমৃদ্ধ কৰিছে। আজিৰ এই ঘোষণাই বিশ্বব্যাপী ফলৰ মানচিত্ৰত কাজি নেমুক অধিক জিলিকাই তুলিবলৈ সাজু হৈছে, যাৰ ফলত আত্মনিৰ্ভৰশীল আৰু উৎপাদনো অধিক বৃদ্ধি হ’ব।