পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ দলে চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ বাস্কেটবলৰ স্বৰ্ণ পদক লাভ কৰিছে৷ স্বৰ্ণ পদকৰ ৰুদ্ধশ্বাস মেচত পঞ্জাৱ বিশ্ববিদ্যালয়ে এক পইণ্টৰ ব্যৱধানৰে ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰি চেম্পিয়ন হয়৷ দলে মাদ্ৰাজ বিশ্ববিদ্যালয়ক ৮৫-৮৪ ত পৰাস্ত কৰে৷ চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ বাস্কেটবল দলৰ প্ৰত্যাৱৰ্তন ৰূপকথাৰ দৰেই৷ উল্লেখ্য যে সদ্য সমাপ্ত সৰ্বভাৰতীয় বিশ্ববিদ্যালয় গেমছত জৈন বিশ্ববিদ্যালয়ৰ হাতত পৰাস্ত হৈছিল পাঞ্জাব বিশ্ববিদ্যালয়৷ কিন্তু গুৱাহাটীলৈ আহি দলে প্ৰতিশোধ লয়৷ স্মৰ্তব্য যে পঞ্জাৱ বিশ্ববিদ্যালয়ে ছেমিফাইনেলত জৈন বিশ্ববিদ্যালয়ক পৰাস্ত কৰি স্বৰ্ণজয়ৰ মেচলৈ অগ্ৰসৰ হৈছিল৷
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ বাস্কেটবল দলৰ দ্বিতীয়বাৰৰ বাবে প্ৰশিক্ষকৰ দায়িত্ব লোৱা ড॰ মনদ্বীপ থৌৰে দলটোৰ প্ৰদৰ্শনক প্ৰশংসা কৰি কয় ‘ফাইনেল খেলখনত সদায় চাপ থাকে৷ সেয়ে মই ল’ৰাবোৰক প্ৰেৰণা দিছিলো৷ মোৰ একমাত্ৰ নিৰ্দেশনা আছিল দলক চাপৰ পৰা আঁতৰাই ৰখা৷ আমি আগতে মাদ্ৰাজ বিশ্ববিদ্যালয়ক পৰাস্ত কৰিছিলোঁ, গতিকে আমি এইবাৰো কৰিব পাৰো বুলি বিশ্বাস আছিলো৷’ ইফালে, পাঞ্জাব বিশ্ববিদ্যালয়ৰ সফল অভিযানৰ নেতৃত্ব দিছিল দলটোৰ শ্বাইনিং ষ্টাৰ নৱাজ সিং পানাইচে৷
দলৰ সফলতাত সতীৰ্থতাক আলোকপাত কৰি নৱাজে কয় ‘দলটোৱে খেলো ইণ্ডিয়াৰ দৰে প্ৰতিযোগিতাত আমাৰ বিশ্ববিদ্যালয়ৰ সুনাম বৃদ্ধি কৰাত সহায় কৰিছে৷ প্ৰশিক্ষক, খেলুৱৈ আৰু দলৰ সামগ্ৰিক বুজা-বুজিয়ে আমাৰ সফলতাত অৰিহণা যোগাইছে৷’ উল্লেখ্য যে নৱাজে ভাৰতীয় জাতীয় দলৰ হৈ খেলাৰ আকাংক্ষা মনত পুহি ৰাখিছে আৰু¸ শেহতীয়াকৈ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় পুৰুষ দলৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত হৈ এই দিশত এক বৃহৎ সফলতা লাভ কৰিছে৷ ‘এয়া বহুত দীঘলীয়া যাত্ৰা৷ কঠোৰ পৰিশ্ৰম কৰিছো৷ এয়া ছয়ৰ পৰা সাত বছৰীয়া পৰিকল্পনা আছিল৷ দলৰ অনুশীলন পুৱা ছয় বজাৰ পৰা আৰম্ভ হয় যদিও মই মোৰ ব্যক্তিগত অনুশীলনৰ ডেৰ-দুঘণ্টা পূৰ্বে আৰম্ভ কৰো৷’ নৱাজ সিং পানাইচে কয়৷