গুৱাহাটীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্রিক মহাবিদ্যালয় চৌহদৰ সৰগম সংগীত বিদ্যালয়ৰ ২৪ সংখ্যক বার্ষিক প্রতিষ্ঠা দিবস দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। বিদ্যালয় প্রাঙ্গনত পতাকা উত্তোলন কৰে প্রতিষ্ঠা দিবস উদযাপন সমিতিৰ সভাপতি ডঃ অৰূপ কুমাৰ শর্মাই। বিদ্যালয়ৰ অধ্যক্ষ নিৰেন চন্দ্র বৈশ্যই সঞ্চালনা কৰা পতাকা উত্তোলন কার্যসূচীত উদযাপন সমিতিৰ মুখ্য উপদেষ্টা ডঃ যোগেন চন্দ্ৰ কলিতা, উপদেষ্টা ৰমাকান্ত শৰ্মা বৰদলৈ আৰু কার্যকৰী সভাপতি ডঃ প্রশান্ত শর্মা উপস্থিত আছিল। প্রতিষ্ঠা দিৱসৰ দ্বিতীয় দিনৰ বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক কার্যসূচী ৩০ আগষ্টত গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত ফ্রেমাৰ প্রেক্ষাগৃহত অনুষ্ঠিত হয়।
বস্তি প্রজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিল্পী ডঃ ৰমেন চৌধুৰী, সাহিত্য অকাডেমি বঁটাপ্রাপক শিশু-সাহিত্যিক সুবেন্দ্র মোহন দাস, অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ভাবপ্রাপ্ত অধ্যক্ষ ডঃ বিপুল তালুকদাৰ, নেচন এন ইৰ মুখ্য সম্পাদক অনুপম চক্রবর্তী আৰু ফ্ৰেমাৰৰ মুখ্য কাৰিকৰী বিষয়া ভাস্কৰজ্যোতি দাস। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত বঁটা বিতৰণী সভাত বিভিন্ন দিশত পাৰদর্শিতা দেখুওৱা বিদ্যালয়ৰ এশ গৰাকী ছাত্র-ছাত্রীক বঁটা-পুৰস্কাৰ আদি প্রদান কৰা হয়। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ আটাইবোৰ গীত, নৃত্য আৰু বাদ্যৰ অনুষ্ঠান ভূপেন হাজৰিকাৰ গীতৰ আধাৰত প্রস্তুত কৰা হয়।
ডঃ অৰূপ কুমাৰ শৰ্মাৰ কথা আৰু ডঃ প্রশান্ত কুমাৰ চৌধুৰীৰ সুৰেৰে সজোৱা বিদ্যালয়ৰ মূল গীতটি পৰিবেশন কৰাৰ পিছতে বিদ্যালয়ৰ অধ্যক্ষ নিৰেন চন্দ্র বৈশ্যই আদৰণি ভাষণ দিয়ে। সাংস্কৃতিক অনুষ্ঠানত ছাত্র-ছাত্রীসকলে দলীয়ভাবে তবলা বাদন পৰিবেশন কৰাৰ লগতে ভূপেন হাজৰিকাৰ ব্ৰহ্মপুত্ৰৰ দুটি পাৰ .., নতুন নতুন সাহ… আৰু ৰিমঝিম ৰিমঝিম বৰষুণে… গীত পৰিবেশন কৰে। তদুপৰি ৰং ৰং নানা ৰং …, গাঁৱৰে জীয়ৰী সপোন সুন্দৰী , সাগৰ সংগমত আদি গীতৰ আধাৰত নৃত্য, বিস্তীর্ণ পাৰৰে আৰু মই এটি যাযাবৰ গীতৰ সুৰ গীটাৰত পৰিৱেশন কৰে। সত্ৰীয়া নৃত্যৰ আধাৰত ভোৰতাল নৃত্য আৰু শেষত মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰা হয় । আনহাতে অনুষ্ঠানটোৰ আঁত ধৰিছিল সাংস্কৃতিক কৰ্মী বিপুল বৰাই ।
