চুতীয়া যুৱ সন্মিলনৰ ধনশিৰি জিলা সমিতি গঠন

98

অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ অন্যতম যুৱ সংগঠন চুতীয়া যুৱ সন্মিলন অসমৰ ধনশিৰি জিলা সমিতিখন গঠন কৰে। চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ধৰ্মপ্ৰাণ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি মোহন চন্দ্ৰ শইকীয়া, সম্পাদক কৌস্তৱ কিশোৰ চুতীয়া উপস্থিত থাকি চুতীয়া জনগোষ্ঠীৰ লগতে ৬ জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে আগন্তুক দিনত ৰাজনৈতিক ভাৱে চৰকাৰক প্ৰত্যাহ্বান জনাব বুলি কেন্দ্ৰীয় সমিতিৰ সম্পাদক কৌস্তৱ কিশোৰ চুতীয়াই জানিবলৈ দিয়ে।

উক্ত সভাতে ধনশিৰি মহকুমাৰ সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা চুতীয়া জনগোষ্ঠীৰ কেইবাগৰাকীও লোকক সম্বৰ্ধনা জনাই।

ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় শতাধিক যুৱকযুৱতীৰ উপস্থিতত অনুষ্ঠিত সভাত অনুজ বৰাক মুখ্য উপদেষ্টা, বুবু কুমাৰ বৰাক সভাপতি আৰু দিম্পু বড়া সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া শক্তিশালী চুতীয়া যুৱ সন্মিলন অসমৰ ধনশিৰি জিলা সমিতখন গঠন কৰে।