বৰপেটাত প্ৰথম বাৰ্ষিক উমেশ বৰুৱা সোঁৱৰণী ফুটবল

187

প্ৰয়াত উমেশ বৰুৱা ( বিজু )’ৰ পৱিত্ৰ স্মৃতিত ষ্টাৰ ফুটবল ক’চিং চেন্টাৰৰ উদ্যোগত স্থানীয় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ডিচিডি এফ চি,ৰাঙাপানী একাদশে প্ৰাৰম্ভিক মেচত অৱতীৰ্ণ হৈ প্ৰথমেই ছেমি ফাইনেলত স্থান নিৰ্ণয় কৰিছে । দলটোৱে মেচখনত হাউলীৰ ২৮-এপিবিএন বেটেলিয়ন একাদশক ২-০ পৰিস্কাৰ গলত পৰাস্ত কৰে। প্ৰথমৰে পৰা ৰাঙাপানীয়ে প্ৰভাৱ বিস্তাৰ কৰি খেলৰ ৭ মিনিটতে প্ৰতিপক্ষ এপিবিএন বেটেলিয়নৰ গলবাৰৰ সামান্য আঁতৰত পোৱা বল সুযোগ সন্ধানী ষ্ট্ৰাইকাৰ ধনঞ্জয় ব্ৰহ্মই লেহেকৈ ঠেলি প্ৰথমটো আঘাত হানে।

বিৰতিলৈ ১-০ গলত আগবাঢ়ি থকা ৰাঙাপানীৰ ডিচিডি এফ চিয়ে দ্বিতীয়াৰ্ধটো প্ৰভাৱ খটুৱাই গল কৰাৰ চেষ্টা চলায় আৰু সফল হয় খেলৰ ৫৭ মিনিটত। কৰ্ণাৰ কিকৰ বল আহি এপিবিএনৰ গলবক্সৰ ভিতৰত প্ৰৱেশ কৰোতে নিমিষতে সেই বল পুনৰ ধনঞ্জয়ে লাহেকৈ শ্বট লৈ  ৰাঙাপানীক ২-০ গলত বিজয়ী কৰায়। ইফালে এপিবিএন দলে অন্ততঃ এটা গল কৰি সন্মান ৰক্ষাৰ স্বাৰ্থত আপ্ৰাণ চেষ্টা চলায়ো ফিনিশ্বিঙৰ অভাৱত সেয়া ব্যৰ্থতা প্ৰতিপন্ন হয় আৰু ৰাঙাপানীৰ হাতত পৰাস্ত হৈ বিদায় মাগিব লগীয়া হয়।

মেচ পৰিচালনা কৰে নৃপেন তালুকদাৰে। প্ৰতিযোগিতাৰ ফাইনেল মেচখন অহা ১ চেপ্তেম্বৰত অনুষ্ঠিত হ’ব । ক্ৰীড়া প্ৰেমী ৰাইজে খেলপথাৰলৈ আহি খেল প্ৰত্যক্ষ কৰি আয়োজক ষ্টাৰ ফুটবল ক’চিং চেন্টাৰক উৎসাহ উদ্দীপনা দিয়াৰ বাবে আয়োজকে আহ্বান জনাইছে ।