ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অংশ হিচাপে গুজৰাটৰ গান্ধীনগৰত ২০২৩ চনৰ ১৪-১৮ জুলাইৰ বিত্ত আৰু কেন্দ্ৰীয় বেংকৰ ডেপুটি(এফচিবিডি)সকলৰ বৈঠকৰ আয়োজন কৰা হৈছে। এই বৈঠকৰ লক্ষ্য হৈছে জি-২০ সদস্য আৰু অংশীদাৰ দেশসমূহৰ মাজত বিশ্বব্যাপী বৃহৎ অৰ্থনৈতিক প্ৰত্যাহ্বানৰ বিষয়সমূহ আলোচনা কৰা।
গোলকীয় অৰ্থনীতি, বহনক্ষম বিত্ত, আন্তঃগাঁথনি, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় স্থাপত্য তথা আন্তঃৰাষ্ট্ৰীয় কৰ আৰু বিত্তীয় অন্তৰ্ভুক্তি ইত্যাদি বিষয়সমূহ জি-২০ সন্মিলনৰ মূল বিষয় হ’ব। জি-২০ৰ প্ৰতিনিধিসকলে “ভৱিষ্যতৰ চহৰসমূহৰ বাবে পুঁজি আৰু বিত্তীয় প্ৰণালী”ৰ বিষয়েও আলোচনা কৰিব। বিত্ত মন্ত্ৰী, কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰ আৰু জি-২০ৰ প্ৰতিনিধিসকলৰ বাবে কেৱড়িয়াস্থিত ষ্টেচু অৱ ইউনিটি ভ্ৰমণকে ধৰি এক সাংস্কৃতিক কাৰ্যসূচী আৰু স্থানীয় ভ্ৰমণ কাৰ্যসূচীৰো আয়োজন কৰা হ’ব।
প্ৰতিনিধিসকলে প্ৰথম দিনা ঘূৰণীয়া মেজ আয়োজন কৰি আলোচনাত মিলিত হয়। বৈঠকত বহুপাক্ষিক উন্নয়নৰ দিশত বেংকসমূহক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হয়। ইতিমধ্যে লাভ কৰি পৰিণতি বা ফলাফলৰ নথি ওপৰত গুৰুত্ব আৰোপ কৰি এই বিষয়টো জুলাই মাহতে অনুষ্ঠিত হ’ব লগা পৰৱৰ্তী জি-২০ এফএমচিবিজি বৈঠকৰ বাবে যুগুত কৰা হ’ব। দ্বিতীয় দিনাখন বিত্ত মন্ত্ৰী, চেণ্ট্ৰেল বেংকৰ গৱৰ্ণৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে গোলকীয় অৰ্থনীতি আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় আৰ্কিটেকচাৰ(পৰিকাঠামো)ৰ ওপৰত বিশেষভাৱে আলোচনা কৰিব।
