অভিলেখৰ পাছত অভিলেখ গঢ়িছে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। মুক্তিৰ দিনটোতে ৪ কোটি টকা উপাৰ্জন কৰে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। আজি দ্বিতীয় দিনটোত ছবিখন চাবলৈ ৰাইজ ওলাই আহিছে। উল্লেখ্য যে প্ৰথম দিনটোত প্ৰায় ৮০০ দৰ্শনী হৈছিল ছবিখনৰ। অসমৰ ৮০ টা ছবিগৃহত ছবিখনে মুক্তি লাভ কৰা ছবিখনে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বমুঠ ৯২ টা হলত মুক্তিৰ প্ৰথম দিনটোত প্ৰদৰ্শিত হয় ছবিখন। আনহাতে বহিঃৰাজ্যৰ ৯৪ চলচ্চিত্ৰ গৃহত ছবিখন প্ৰদৰ্শীত হৈ ইতিহাস ৰচনা কৰে ছবিখনে।
