অসমৰ ক্ৰীড়া ইতিহাসত এক গুৰুত্বপূর্ণ পৰ্যায়ৰ সূচনা হৈ বিশ্ব ফুটবলৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ ‘ফিফা বিশ্বকাপ ট্ৰফী’ প্ৰথমবাৰৰ বাবে অসমৰ মাটিত পদাৰ্পণ কৰিবলৈ সাজু হৈছে। এই ট্ৰফীৰ আগমনে অসমক আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ মানচিত্ৰত এখন নতুন পৰিচয় দিব আৰু ইয়াৰ সৈতে যুব ক্ৰীড়াবিদ আৰু অনুৰাগীসকলৰ মাজত এক ব্যাপক উৎসাহ সৃষ্টি কৰা দেখা যাব।
মঙ্গলবাৰে দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামৰ কনফাৰেন্স হলত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচাই এক সংবাদমেল সম্বোধন কৰি এই ঐতিহাসিক ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, ১৩ জানুৱাৰীৰ পুৱা ১০ বজাত এই বিশ্বকাপৰ ট্ৰফীটো গুৱাহাটী আহি উপস্থিত হব। সেইদিনা বিয়লি ৩ বজাৰ পৰা বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ট্ৰফীটো সৰ্বসাধাৰণৰ দৰ্শনৰ বাবে মুকলি কৰা হ’ব, আৰু নিশা ৮:৩০ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী উদ্বোধন কৰিব।
১২ বছৰ বিৰতিৰ পিছত ভাৰতলৈ অহা এই ট্ৰফীৰ সহায়ত অসমৰ ফুটবলৰ প্ৰতি আবেগ পুনৰ প্ৰমাণিত হৈছে। অনুষ্ঠানটোৰ সুবিধাৰ বাবে প্ৰৱেশ সম্পূর্ণ বিনামূলীয়া থাকবে।
এই বিশেষ ক্ষণটোক উল্লেখযোগ্য কৰি তুলিবলৈ বিয়লি ৩ বজাৰ পৰা ‘কোক ষ্টুডিঅ”ত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য’ত জনপ্ৰিয় শিল্পী শংকুৰাজ আৰু ঋতু ৰিবাকৰ লগতে আন কেইবাগৰাকীও শিল্পীয়ে অংশ গ্ৰহণ কৰিছে। অসমত ফিফা বিশ্বকাপ ট্ৰফীৰ এই ভ্ৰমণে তৃণমূল পৰ্যায়ৰ ক্ৰীড়া সংস্কৃতি শক্তিশালী কৰাৰ লগতে নতুন প্ৰজন্মক ফুটবলৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে।
