অসমৰ সংবাদ জগতৰ পিতামহস্বৰূপ প্রফুল্ল গোবিন্দ বৰুৱা আৰু নাই। পি জি বৰুৱা নামেৰে সৰ্বত্ৰ পৰিচিত প্রফুল্ল গোবিন্দ বৰুৱাৰ দেওবাৰে নিশা প্রায় ৯.৩০ বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। ১৯৩৩ চনত জন্মগ্রহণ কৰা অসমৰ সংবাদ জগতৰ যুগদ্রষ্টাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল প্রায় ৯২ বছৰ। অসমৰ আগশাৰীৰ ইংৰাজী দৈনিক সংবাদপত্র ‘দি আছাম ট্ৰিবিউন সম্পাদকৰূপে দীর্ঘদিনে কাৰ্যনিৰ্বাহ কৰা প্ৰফুল্ল গোবিন্দ বৰুৱা ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালক আছিল। আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব।
