গুৱাহাটীঃ অসমৰ সংবাদ জগতৰ এগৰাকী অন্যতম প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু নাই। বাৰ্দ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ থকা বৰুৱাই দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
তেওঁ পত্নী, দুগৰাকী কন্যাসহ বহু আত্মীয়ক এৰি থৈ যায়। বৰুৱাৰ বিয়োগত অসমৰ সংবাদ জগতত গভীৰ শোকৰ ছাঁ পৰিছে, আৰু তেওঁৰ অবিহনে সৃষ্টি হোৱা শূন্যতা কেতিয়াও পূৰণ নহ’ব। সাংবাদিকতালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক ‘পদ্মশ্ৰী’ বঁটাৰে সন্মানিত কৰা হৈছিল।
১৯৩২ চনৰ ২৬ জুলাইত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই কটন কলেজ আৰু কলিকতাৰ প্ৰেছিডেন্সী কলেজত শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ১৯৬৪ চনত যুক্তৰাজ্যৰ থমচন ফাউণ্ডেচনৰ পৰা সাংবাদিকতা আৰু ছপা প্ৰযুক্তি অধ্যয়নৰ বাবে বৃত্তি লাভ কৰে। ১৯৬২ চনত সংবাদপত্ৰ উদ্যোগত যোগদান কৰাৰ পিছত তেওঁ ১৯৬৬ চনত ‘দ্য আছাম ট্ৰিবিউন’ কাকতগোষ্ঠীৰ পৰিচালন সঞ্চালকৰ দায়িত্বভাৰ গ্ৰহণ কৰে।
১৯৯৭ চনৰ পৰা তেওঁ উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু সৰ্বাধিক প্ৰচলিত ইংৰাজী দৈনিক কাকত ‘দ্য আছাম ট্ৰিবিউন’ৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছিল। তেওঁৰ পিতৃ ৰাধা গোবিন্দ বৰুৱাই ১৯৩৯ চনত এই কাকতগোষ্ঠীৰ প্ৰতিষ্ঠা কৰিছিল।
সাংবাদিকতাৰ উপৰিও, তেওঁ অসমৰ সাহিত্যৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ তেওঁৰ প্ৰকাশন গোষ্ঠী ‘সাহিত্য প্ৰকাশ’ৰ পৰা মাহেকীয়া সাহিত্য আলোচনী ‘গৰীয়সী’ প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও তেওঁ আৰ জি বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
