উত্তৰ পূৱৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা সুশৃংখল আৰু সফলভাৱে ১০, ১১ আৰু ১২ জুলাইত সম্পন্ন হয় । ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা A+ গ্ৰেড প্ৰাপ্ত উচ্চ শিক্ষানুষ্ঠানখনৰ ২০২৫ বৰ্ষৰ প্ৰৱেশ পৰীক্ষাত ১৫ হাজাৰতকৈ অধিক শিক্ষাৰ্থীয়ে ৫০ টা কৈও অধিক বিষয়ত প্ৰায় ৪২ হাজাৰ আবেদন পত্ৰ পূৰণ কৰে ।
শিক্ষাৰ্থীৰ সুবিধাৰ্থে ডিব্ৰুগড়, বৰপেটা, যোৰহাট, গুৱাহাটী, তেজপুৰ, নগাঁও, শিলচৰ, লখিমপুৰ, ধুবুৰী, ডিফু, বঙাইগাঁওৰ উপৰিও চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙকে ধৰি মুঠ ২০ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয় । প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে গুৱাহাটী বিশ্ববিদ্যালয়ে সদায় জ্ঞান আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি আহিছে ।
শিক্ষাৰ্থীৰ সপোনক ভৱিষ্যত দিনত বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আমি সংকল্পবদ্ধ । আশা কৰিছোঁ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ শিক্ষাৰ্থীসমূহে আশানুৰূপ ফলাফল লাভ কৰি এখন উপযুক্ত মঞ্চৰ জৰিয়তে নিজকে আগুৱাই নিব পাৰিব। উল্লেখ্য যে প্ৰতিভাৰ বিকাশ, চিন্তনৰ উৎকৰ্ষতা আৰু সামাজিক দায়িত্বৰ এক জীৱন্ত উদাহৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাৰ সময়ছোৱাত বিশ্ববিদ্যালয় কর্তৃপক্ষ, আৱাস – নিবাসসমূহে শিক্ষাৰ্থীসকলক বিভিন্ন দিশত প্ৰয়োজনীয় তথ্য পাতিৰ যোগানেৰে সহায়ৰ হাত আগবঢ়ায়।
