মানৱ-হাতী সংঘাত প্ৰশমনত সহায় কৰিব “হাতীএপ”, সৌৰ বেৰা হাতপুথিয়ে

215

অসম তথা উত্তৰ পূৰ্বাঞ্চলত বৰ্দ্ধিত মানৱ-হাতী সংঘাত প্ৰশমন আৰু মানৱ-হাতীৰ সহাৱস্থানক উদগনি যোগোৱাত সহায় কৰা উদ্দেশ্যে অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে তৃণমূলৰ লোকসকলকে ধৰি সকলো অংশীদাৰৰ বাবে উপযোগী হোৱাকৈ “হাতীএপ্” নামৰ এটা মোবাইল এপ্লিকেচন প্ৰস্তুত কৰিছে উলিয়াইছে ।

এই এপ’টোৱে মানৱ বসতিৰ ওচৰত বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়া সতৰ্কবাণী প্ৰেৰণৰ ব্যৱস্থা হিচাপে কাম কৰিব আৰু গাঁওবাসীক বনৰীয়া হাতীৰ সৈতে মুখামুখি হোৱাৰ অনাহুত পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব । আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী তথা হাতী গৱেষণা আৰু সংৰক্ষণ শাখাৰ মুৰব্বী ড: বিভূতি পি লহকৰৰ মতে এই এপটোত বনৰীয়া হাতীৰ আক্ৰমণৰ ভুক্তভোগীয়ে একাকালীন সাহায্য বিচৰা আবেদনৰ প-পত্ৰও থাকিব।

 ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত বন বিভাগক সহায় কৰাৰ উদ্দেশ্যে আৰণ্যকে মানৱ-হাতী সংঘাতৰ ভুক্তভোগী সকলৰ হৈ পূৰণ কৰা প-পত্ৰবোৰ সংশ্লিষ্ট বন সংমণ্ডলত দাখিল কৰিব। আৰণ্যকক এই উদ্যোগত এছ বি আই ফাউণ্ডেশ্যনে সহযোগিতা আগবঢ়াইছে ।