২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত এতিয়া তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াত গুৰুতৰ অনিয়ম হোৱাৰ অভিযোগ তুলি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰে। এই বিসংগতিসমূহ দূৰ নকৰালৈকে ভোটাৰ তালিকা চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ তেওঁ দাবী জনায়।
শইকীয়াৰ অভিযোগ অনুসৰি, গৃহস্থৰ অগোচৰে বহু ঘৰত অচিনাকি আৰু অনা-অসমীয়া লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণ স্বৰূপে, গুৱাহাটীৰ তৈয়বুল্লা ৰোডৰ ৪৪ আৰু ১৫ নম্বৰ গৃহত পৰিয়ালৰ অজ্ঞাতে চাৰিজন অনা-অসমীয়া লোকৰ নাম সোমোৱাৰ লগতে নাজিৰা সমষ্টিত অস্তিত্বহীন ঘৰৰ বিপৰীতে ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ দৰে ঘটনা পোহৰলৈ আহিছে। এনে কাৰ্যই অসম চুক্তিৰ ৬ নম্বৰ দফা আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰাৰ লগতে অসমৰ খিলঞ্জীয়া লোকৰ সাংবিধানিক অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি পত্ৰযোগে দাবী কৰে দেৱব্ৰত শইকীয়াই।
ইফালে, বিৰোধীৰ এই অভিযোগক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভোটাৰ তালিকাৰ সংশোধনীৰ বাবে এক নিৰ্দিষ্ট চৰকাৰী পদ্ধতি আছে। যদি কাৰোবাৰ কিবা আপত্তি আছে, তেন্তে তেওঁলোকে সংবাদ মাধ্যমৰ আগত চিঞৰ-বাখৰ নকৰি নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত ফৰ্মৰ জৰিয়তে আবেদন কৰা উচিত।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, যোৱা ৩০ ডিচেম্বৰত প্ৰকাশিত খচৰাত ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা ২,৫২,০১,৬২৪ গৰাকী হৈছে আৰু অহা ২২ জানুৱাৰীলৈকে এই সন্দৰ্ভত দাবী বা আপত্তি দাখিল কৰাৰ সুযোগ থাকিব।
