এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৪ সংখ্যক সংস্কৰণৰ পুৰস্কাৰৰ ধন তিনিগুণ বৃদ্ধি কৰি ৩ কোটি টকা হৈছে। কলকাতাত আয়োজক সমিতিয়ে আয়োজন কৰা ট্ৰফী উন্মোচন অনুষ্ঠানৰ সময়ত এই ঘোষণা কৰে। এইবাৰ ডুৰাণ্ড কাপত বিজয়ী আৰু ৰানাৰ্ছ আপ দলৰ লগতে ছেমি ফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা দলক নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও তিনিজন ব্যক্তিগত পুৰস্কাৰ বিজয়ীক এছ ইউ ভি বাহন দিয়াৰ ঘোষণাই প্ৰতিযোগিতাখনত উত্তেজনা আৰু প্ৰতিযোগিতা আৰু অধিক বৃদ্ধি কৰিছে। ট্ৰফী উন্মোচন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পশ্চিম বংগ চৰকাৰৰ যুৱ সেৱা আৰু ক্ৰীড়া মন্ত্ৰী অৰূপ বিশ্বাস।
তেওঁৰ সৈতে ডুৰাণ্ড কাপ আয়োজক সমিতিৰ জ্যেষ্ঠ বিষয়া, প্ৰধান সম্পাদক ৰাজেশ কুমাৰ সিনহা (আই এ এছ), লেফটেনেণ্ট জেনেৰেল মোহিত মালহোত্ৰা আৰু মেজৰ জেনেৰেল ৰাজেশ অৰুণ মোগেকে ধৰি বিভিন্ন দল-সংগঠনে উপস্থিত থাকে। বংগৰ ক্ৰীড়া মন্ত্ৰী অৰূপ বিশ্বাসে ২৩ আগষ্টত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখনত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিশেষভাৱে উপস্থিত থাকিব বুলি কয়।তেওঁ কয় যে এইবাৰ ডুৰাণ্ড কাপে ব্যাপক সংবাদ মাধ্যমত কভাৰেজ পাব আৰু ফুটবল প্ৰেমীসকলৰ বাবে ৫ হাজাৰ টিকটৰ বিশেষ কোটা আৱিষ্কাৰ কৰা হৈছে, যিয়ে ষ্টেডিয়ামত উত্তেজনা আৰু শক্তি বৃদ্ধি কৰিব।
প্ৰধান সম্পাদক ৰাজেশ কুমাৰ সিনহাই কয় যে বিগত ছবছৰত কলকাতাত ডুৰাণ্ড কাপে পুৰণি গৌৰৱ উভতাই পাইছে আৰু এই অনুষ্ঠানত ৰাজ্য চৰকাৰে ১৫ কোটি টকা ব্যয় কৰিছে। লেফটেনেণ্ট জেনেৰেল মোহিত মালহোত্ৰাই কয়-পুৰস্কাৰৰ ধন ১.২ কোটিৰ পৰা ৩ কোটিলৈ বৃদ্ধি কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাক আকৰ্ষণ কৰিবলৈ তিনিখন এছ ইউ ভি বাহনকে ধৰি ব্যক্তিগত বঁটাও প্ৰৱৰ্তন কৰা হৈছে। মেজৰ জেনেৰেল ৰাজেশ অৰুণ মোগে জনোৱা মতে এইবাৰ প্ৰতিযোগিতাখন লীগ-কম-নকআউট ফৰ্মেটত অনুষ্ঠিত হ’ব। ইয়াত মুঠ ২৪টা দলক ছটা গ্ৰুপত ভাগ কৰি পাঁচখন ৰাজ্যত মেচ অনুষ্ঠিত হ’ব। কলকাতাত এখন কোৱাৰ্টাৰ ফাইনেল, এখন ছেমি ফাইনেল আৰু ফাইনেলকে ধৰি ১৫খন খেল অনুষ্ঠিত হ’ব।
