চৰকাৰী মাটি, সংৰক্ষিত বনাঞ্চল, গ্রেজিং মাটি আদিত একাংশ বেদখলকাৰীয়ে ঘৰ সাজি বাস কৰি অহাৰ সমান্তৰালভাবে একাংশ বেদখলকাৰীয়ে আকৌ অইল ইণ্ডিয়াৰ তেল পৰিবাহী পাইপ লাইন বেদখল পৰ্যন্ত বেদখল কৰি বিপদজনকভাৱে বাস কৰি নিজৰ লগতে আনৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বিশেষকৈ গুৱাহাটীৰ জালুকবাৰীৰ বীৰ লাচিত বৰফুকন উদ্যানৰ পাছফালে থকা অইল ইণ্ডিয়াৰ তেল পৰিবাহী পাইপ লাইন পৰ্যন্ত বেদখল কৰি বিপদজনকভাবে বাস কৰি আছিল। অবশেষত তেল পৰিবাহী পাইপ লাইনৰ ওপৰত বেদখল কৰা সকলৰ বিৰুদ্ধে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক বৃহৎ উচ্ছেদ অভিযান চলায়।
জিলা আয়ুক্তৰ নিৰ্দেশত গুৱাহাটীৰ চক্ৰ বিষয়া ৰাজা বৈশ্যই লাট মণ্ডল সত্যেন শৰ্মাক লগত লৈ আৰক্ষীৰ সহযোগত অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপ লাইনৰ ওপৰত আইন বিৰুদ্ধভাৱে বেদখল কৰি বসবাস কৰি থকা প্ৰায় ১৮ টাকৈ ঘৰ ভাঙি দিয়ে। উচ্ছেদ অভিযানত মহানগৰ আৰক্ষীৰ জালুকবাৰী সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত অনুকূল মালাকাৰ আৰু জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষীকেশ বৰ্মনৰ নেতৃত্বত এটা আৰক্ষীৰ দলে সহযোগিতা আগবঢ়ায় ।
উল্লেখ্য যে অতি স্পৰ্শ্বকাতৰ বুলি পৰিচিত অইলৰ তেল পাইপ লাইনৰ ওপৰত বিপদজনক ভাৱে ঘৰ – দুৱাৰ নিৰ্মাণ কৰি বাস কৰি থকা সকলক পূৰ্বতে অইলৰ বিষয়াই নিজৰ জীৱনৰ প্ৰতি কেতিয়াবা ভাবুকি আহিব পাৰে বুলি বেদখলকাৰী সকলক কেবাবাৰো তাৰ পৰা আঁতৰি যাবলৈ আহ্বান জনাইছিল। কিন্তু সেই আহ্বানক নেওচিও বেদখলকাৰী সকলে চাংঘৰ, জুপুৰি সাজি তাত বাস কৰি আহিছিল।
