দীৰ্ঘ সময় শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি অৱশেষত সোমবাৰে পুৱা কলকাতাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে তৃণমূল কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক নেতা মুকুল ৰায়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। পাৰ্কিনচনকে ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যোৱা দুবছৰতকৈও অধিক সময় ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠ আৰু তৃণমূল কংগ্ৰেছৰ উত্থানৰ অন্যতম ব্যক্তি হিচাপে পৰিচিত মুকুল ৰায়ে কেন্দ্ৰীয় চৰকাৰৰ ৰেল মন্ত্ৰী আৰু জাহাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত পশ্চিমবংগৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে। নেতাগৰাকীৰ পুত্ৰ শুভ্ৰাংশু ৰায়ে জানিবলৈ দিয়া মতে, শেহতীয়া সময়ছোৱাত তেওঁ কোমাৰ দৰে অৱস্থাত আছিল। ২০১৭ চনত তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা মুকুল ৰায়ৰ ৰাজনৈতিক জীৱন আছিল নাটকীয় পৰিৱৰ্তনেৰে ভৰপূৰ। ২০২১ চনত বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে তেওঁ পুনৰ তৃণমূললৈ উভতি আহিছিল, যাৰ বাবে তেওঁৰ বিৰুদ্ধে দলত্যাগ বিৰোধী আইনৰ গোচৰো চলি আছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি বিজেপি নেতা দিলীপ ঘোষ আৰু শুভেন্দু অধিকাৰীয়ে ৰায়ৰ কৌশলগত ৰাজনৈতিক দক্ষতাৰ কথা স্মৰণ কৰে।
