ৰাজ্যৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি আৰু এক আবেগিক যন্ত্ৰণাৰ উপশম ঘটাবলৈ চৰকাৰে এতিয়া আইনী প্ৰক্ৰিয়াত অধিক ক্ষিপ্ৰতা আনিবলৈ তৎপৰ হৈ পৰিছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক বিচাৰ অহা মাহৰ পৰা ফাষ্টট্ৰেক আদালতত হোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে বোকাখাতত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে চৰকাৰৰ পক্ষ আদালতত জোৰদাৰভাৱে ৰাখিবলৈ ইতিমধ্যে বিশেষ পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰা হৈছে আৰু অহা মাহত ফাষ্টট্ৰেক আদালতৰ বাবে মুখ্য ন্যায়াধীশক আবেদন জনোৱা হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বিশেষ পাব্লিক প্ৰচিকিউটৰ নিয়োগ কৰা হৈছে আৰু তেওঁলোকে চৰকাৰক জনোৱাৰ পাছতে আমি ফাষ্টট্ৰেক আদালতৰ বাবে আবেদন কৰিম।” ইয়াৰ সমান্তৰালভাৱে ৰাজ্যবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাই তেওঁ বাপতি সাহোন বিহুৰ আনন্দ ল’বলৈ আহ্বান জনায়।
ইফালে, ১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ ৭ হাজাৰ কোটিটকীয়া এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিড’ৰে বোকাখাতৰ ভৌগোলিক ছবি সলনি কৰি পেলাব।
গহপুৰৰ পৰা বোকাখাত সংযোগী এক অভিলাষী সুৰংগ প্ৰকল্পৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্ৰায় ২০ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই সুৰংগৰে ৰে’ল আৰু যান-বাহন দুয়োটাই চলাচল কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ ফলত উত্তৰ অসম আৰু মধ্য অসমৰ মাজত যোগাযোগৰ এক নতুন সংগমস্থল নিৰ্মাণ হ’ব। উন্নয়নৰ কামত সৰু-সুৰা আপত্তি থাকিলেও আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে।
তদুপৰি আগন্তুক নিৰ্বাচনত মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰি ড৹ শৰ্মাই কয় যে বিজেপি আৰু মিত্ৰদলৰ সম্পৰ্ক অতি পুৰণি আৰু তেওঁলোকে একেলগেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আসনৰ বুজাপৰাত দুই-এটা ইফাল-সিফাল হ’লেও মিত্ৰতা অটুট থাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। নিশা বোকাখাতৰ পৰিদৰ্শন বাংলোত সময় অতিবাহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিকাশৰ যাত্ৰাত সকলোৰে সহযোগিতা কামনা কৰে।
