লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ৫ এপ্ৰিলত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে আৰু ৰাইজক বহুতো ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰক ‘ন্যায় পাত্ৰ ২০২৪’ বুলি নামাকৰণ কৰিছে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘ন্যায় পাত্ৰ ২০২৪’ত অন্তৰ্ভুক্ত প্ৰতিশ্ৰুতিসমূহৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্ট শ্বেয়াৰ কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়। কংগ্ৰেছে প্ৰকাশ কৰা ‘ন্যায় পাত্ৰ’ৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে তেঁওলোকৰ ইস্তাহাৰত তিনি তালাক আৰু অ’পিএছ পুনৰুদ্ধাৰৰ কথা কৈছে কিন্তু ইয়াৰ কোনো প্ৰতিশ্ৰুতিৰ ওপৰত কোনো সময়সীমা দিয়া নাই। ইয়াৰ উপৰিও, ন্যায় ইস্তাহাৰত অন্তৰ্ভুক্ত পানী ব্যৱস্থাপনাৰ ফটোক লৈও প্ৰশ্ন উত্থাপিত হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ বাফেলো নদী আৰু পৰিৱেশ পৰিচ্ছন্নতাৰ ফটো থাইলেণ্ডৰ। এই ফটোবোৰ অন্তৰ্ভুক্ত কৰি, কংগ্ৰেছে ইয়াত ভাৰতক দেখুৱাইছে। শৰ্মাই লগতে সুধিছিল, “তেওঁলোকে (কংগ্ৰেছে) তেওঁলোকৰ ইস্তাহাৰ প্ৰস্তুত কৰিবলৈ কোনো বিদেশী সংস্থা নিয়োগ কৰিছে নেকি?”
Latest article
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণযুক্ত তীখা খণ্ডত দখল কৰিছে ৩০ শতাংশ বজাৰ অংশীদাৰিত্ব
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত...
ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড...
ভৰতপুৰ কৌশল মহোৎসৱত চাকৰি নিশ্চিত হ’ল ২৪০০ৰো অধিক যুৱক-যুৱতীৰ
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে...