কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ কথিত ‘পাকিস্তান সংযোগ’ৰ ৰহস্য ফাদিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত সময়ছোৱাত কেইবাটাও দিন নিজে নিৰ্ধাৰণ কৰি দি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ ফাদিল কৰাৰ হুংকাৰ দিছিল। এইবাৰ পুনৰ মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰিছে ৮ ফেব্ৰুৱাৰীৰ দিনটো। অহা ৮ ফেব্ৰুৱাৰীত হ’বলগীয়া এক বিস্ফোৰক সংবাদ মেলৰ সম্ভাব্য পৰিণতি চম্ভালিবলৈহে বিৰোধীয়ে এই জৰুৰীকালীন মিত্ৰতাৰ আশ্ৰয় লৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত গঢ়ি উঠা বুজাপৰাক এক সাময়িক ৰাজনৈতিক কৌশল বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে দেওবাৰে বিৰোধীৰ মিত্ৰতাক তীব্ৰ সমালোচনা কৰে। তেওঁ দাবী কৰে যে এই মিত্ৰতা কোনো আদৰ্শৰ ভেটিত নহয়, বৰঞ্চ আসন্ন বিপদৰ পৰা গৌৰৱ গগৈক ৰক্ষা কৰিবলৈহে ৰচনা কৰা হৈছে।
এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে কংগ্ৰেছ সাংসদগৰাকীয়ে বৰ্তমান ৰাজনৈতিক নেতা, সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলৰ সৈতে যোগাযোগ কৰি সমৰ্থন গোটোৱাত ব্যস্ত আছে। ৮ ফেব্ৰুৱাৰীত হ’বলগীয়া উক্ত সংবাদ মেলত গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ গুৰুতৰ অভিযোগ ৰাজহুৱা হোৱাৰ সম্ভাৱনা আছে। সেইবাবেই অখিল গগৈৰ দৰে নেতাক ঢাল হিচাপে ব্যৱহাৰ কৰিবলৈ কংগ্ৰেছে এই ‘ললিপপ’ মিত্ৰতাৰ টোপ দিছে বুলি মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰে। তেওঁ লগতে কয় যে যদি এয়া প্ৰকৃত মিত্ৰতা হ’লহেঁতেন, তেন্তে এতিয়ালৈকে আসনৰ বুজাপৰা ঘোষণা হ’লহেঁতেন।
মুখ্যমন্ত্ৰীৰ মতে, ৮ ফেব্ৰুৱাৰীৰ পাছতহে স্পষ্ট হ’ব যে আচলতে কোনে কাক ব্যৱহাৰ কৰিছে। বিৰোধীৰ এনে ৰাজনৈতিক নাটকৰ ৰাইজৰ ওপৰত কোনো প্ৰভাৱ নপৰে বুলি দৃঢ়তাৰে প্ৰকাশ কৰি তেওঁ কয় যে অসমৰ জনসাধাৰণে ইতিমধ্যে কাক নিৰ্বাচিত কৰিব আৰু কাক প্ৰত্যাখ্যান কৰিব সেই সিদ্ধান্ত লৈ পেলাইছে। ৰাজ্যৰ নিৰ্বাচনী ৰাজনীতিৰ কেইবাটাও পৰ্যায় ইতিমধ্যে পাৰ হৈ যোৱা বুলি উল্লেখ কৰি তেওঁ বিৰোধীৰ এই বুজাপৰাক ভিত্তিহীন বুলি অভিহিত কৰে।
কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সম্ভাব্য মিত্ৰতাক লৈ চলি থকা চৰ্চাৰ মাজতে মুখ্যমন্ত্ৰীয়ে একেলগে দুয়োটা দলকে লক্ষ্য কৰি লোৱা কাৰ্যই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ ‘পাকিস্তান সংযোগ’ৰ যি অভিযোগ তেওঁ উত্থাপন কৰিছে, তাৰ পাছত ৮ ফেব্ৰুৱাৰীৰ দিনটোলৈ এতিয়া সকলোৰে চকু নিৱদ্ধ হৈছে।
