মহানগৰীত কেন্দ্ৰীয়ভাৱে আয়োজন মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ

31

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, সৰ্বগুণাকৰ, শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ ভাতৃ সংগঠন শঙ্কৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত২৭ অক্টোবৰত মহানগৰীত কেন্দ্ৰীয়ভাৱে  উদযাপন কৰা হ’ব। অনুষ্ঠানত ৫ হাজাৰ গায়ন-বায়ন, নামতিয়ে গুৰুজনাৰ অমুল্য সৃষ্টিৰাজি  বৰগীত, ঘোষানাম, হোলীগীত, থিয়নাম, সত্ৰীয়া নৃত্য, অংকীয়া নাট আদি পৰিবেশন কৰিব।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ’বলগীয়া উক্ত কাৰ্যসূচীৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত কৰিছে উদ্যোক্তাসকলে। মহানগৰীৰ কুমাৰপাৰস্থিত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ মুখ্য সেৱক সনাতন দাস বাপ, শঙ্কৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ কাৰ্যকৰী সভাপতি মৃদুল কুমাৰ মেধি আৰু কাৰ্যকৰী সম্পাদক কমল কুমাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচৰা নামতি দল, গায়ন-বায়নসকলে  9864088828, 98641 16513, 9864602104 নম্বৰত যোগাযোগ কৰিবলৈ কাৰ্যলয় সম্পাদক ডিম্পী ভৰালীয়ে অনুৰোধ জনাইছে।