গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি একমাত্ৰ মুনাফা লাভৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ পৌৰ এলেকাত অস্বাস্থ্যকৰ পৰিবেশত গ্ৰাহকক মাছ – মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে নিগমৰ এনফৰ্চমেণ্ট বিভাগ , গুৱাহাটী মহানগৰ আৰক্ষী , কামৰূপ মহানগৰ জিলা পশুপালন বিভাগ , খাদ্য সুৰক্ষা বিভাগৰ সহযোগত আজি পুৱাৰে পৰা বিয়লিলৈ জালুকবাৰী আৰক্ষী থানা এলেকাত এক বিশেষ অভিযান চলোৱা হয়।
অভিযানত জালুকবাৰী থানা এলেকাৰ পাণ্ডু বৰ বাজাৰ , পাণ্ডু ৰেলৱে বজাৰ, পাণ্ডু বন্দৰ পথ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পথ, তেতেলিয়া, গোটানগৰ, মালিগাওঁ গোশালা আৰু চাটেল গেট আদিত চলোৱা অভিযানত অভিযানকাৰী দলটোৱে মুঠ ৩৫ খন মাছ – মাংস বিক্ৰী কৰা দোকান পৰীক্ষা কৰে । অভিযানত অতি অস্বাস্থ্যকৰ পৰিবেশত মাংস বিক্ৰী কৰাৰ অপৰাধত যিসকল বিক্ৰেতাই নীতি – নিয়ম উলংঘা কৰি গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত বিক্ৰী কৰিছিল তেঁওলোকৰ পৰা জৰিমণা হিচাপে ২৮ হাজাৰ টকা সংগ্ৰহ কৰা হয় ।
দলটোৱে আগন্তক দিনত নীতি মানি চলি গ্ৰাহকক মাছ – মাংস বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত নিগমৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়াই সদৰি কৰা অনুসৰি পৌৰ নিগম এলেকাত জনস্বাস্থ্যৰ দিশটোক ভেঙুচালি কৰি মাছ, মাংসৰ উপৰিও আন আন খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে তেওঁলোকৰ বিৰূদ্ধে নিগমৰ এই অভিযান চলি থাকিব।
