নাবালক সন্তানৰ ধৰ্ম আৰু ৰাষ্ট্ৰীয়তা সলনিৰ আইনগত বৈধতাক লৈ এতিয়া তীব্ৰতৰ হৈ পৰিছে মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজৰ সংঘাত। গৌৰৱ গগৈৰ দুই সন্তানৰ নাগৰিকত্ব আৰু ধৰ্মক লৈ বিষোদগাৰ ব্যক্ত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পূৰ্বেই কোনো সন্তানৰ ধৰ্ম বা ৰাষ্ট্ৰীয়তা পিতৃ-মাতৃয়ে সলনি কৰিব নোৱাৰে। এই সন্দৰ্ভত তেওঁ নিজেই জুভাইনাইল জাষ্টিচ কৰ্টৰ দ্বাৰস্থ হৈ গৌৰৱ গগৈৰ বিৰুদ্ধে আইনী যুঁজত নামিব বুলিও হুংকাৰ দিয়ে।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, কোনো শিশুৰ ধৰ্ম হিন্দুৰ পৰা খ্ৰীষ্টানলৈ সলনি কৰা বা ৰাষ্ট্ৰীয়তা পৰিবৰ্তন কৰাটোৱে সাংবিধানিক প্ৰশ্নৰ অৱতাৰণা কৰিছে। ডিব্ৰুগড়ত এক অনুষ্ঠানৰ মাজতে তেওঁ দাবী কৰে যে এনে কাৰ্যৰ জৰিয়তে গৌৰৱ গগৈয়ে নিজৰ সন্তানক শোষণহে কৰিছে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে গৌৰৱ গগৈয়ে তেওঁৰ দুই নাবালক সন্তানৰ তথ্য চৰকাৰে ৰাজহুৱা কৰাৰ অভিযোগ তুলি জুভাইনাইল জাষ্টিচ এক্টৰ অধীনত দিল্লীত গোচৰ তৰাৰ হুংকাৰ দিছিল। মুখ্যমন্ত্ৰীয়ে আজি এই প্ৰত্যাহ্বান আদৰণি জনাই বিষয়টো আদালতৰ মজিয়ালৈ নিবলৈ সাজু বুলি জনায়।
আনহাতে, গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা কথিত সম্পৰ্কৰ যি অভিযোগ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছে, তাক লৈয়ো প্ৰত্যাক্ৰমণ চলাইছে গগৈয়ে। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ সংবাদমেলক “ছুপাৰ ফ্লপ চিনেমা” বুলি অভিহিত কৰি কয় যে চৰকাৰে তেওঁলোকৰ জালত ভৰি দিছে।
ইফালে, মুখ্যমন্ত্ৰীয়ে দাখিল কৰা নথি-পত্ৰসমূহৰ বিপৰীতে গগৈয়ে এতিয়াও কোনো তথ্য দেখুৱাব পৰা নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুয়োৰে এই বাকযুদ্ধই এতিয়া ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ অধিক গৰম কৰি তুলিছে।
