ৰাজ্যত পূৰ্বৰ তুলনাত ৮৬.৫ শতাংশ হ্ৰাস পাইছে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ। বুধবাৰে এক বিশেষ চৰকাৰী পৰিসংখ্যা দাঙি ধৰি এই দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ শাসনকালত নাৰী সুৰক্ষা নিশ্চিত কৰাই প্ৰশাসনৰ মূল লক্ষ্য বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে মাতৃ, ভগ্নী আৰু ভাগিনসকলৰ সুৰক্ষা চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। উল্লেখযোগ্য যে অপৰাধৰ সংখ্যা হ্ৰাস পোৱাটো এক উৎসাহজনক খবৰ যদিও ৰাজ্যত মহিলাৰ বিৰুদ্ধে শূন্য অপৰাধৰ পৰিৱেশ সৃষ্টি নোহোৱালৈকে চৰকাৰ ক্ষান্ত নাথাকে বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ লগতে কয়, “নাৰী সুৰক্ষা আমাৰ অগ্ৰাধিকাৰ আৰু ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ ৮৬.৫ শতাংশ হ্ৰাস হৈছে।”
তদুপৰি প্ৰশাসনে ৰাজ্যজুৰি সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ ধাৰাবাহিক পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ সদৰি কৰে। ইফালে ৰাজ্যৰ নদীসমূহক অৰ্থনৈতিক প্ৰগতিৰ আধাৰ হিচাপে অভিহিত কৰি তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, “আমাৰ নদীসমূহে কেৱল পানীয়েই কঢ়িয়াই নিয়া নাই, অসমক আগুৱাই লৈ গৈছে।”
বৰ্তমান ৰাজ্যৰ নদীপথেৰে প্ৰায় ছয় লাখ টন সামগ্ৰী পৰিবহণ কৰা হৈছে বুলি উল্লেখ কৰি এই নদীসমূহ যোগাযোগ, বাণিজ্য আৰু অৰ্থনৈতিক বিকাশৰ এক শক্তিশালী স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি তেওঁ মত পোষণ কৰে।
