CAA আইন বাতিলৰ দাবীত প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

552

সংশোধিত নাগৰিকত্ব আইন চমুকৈ CAA ৰ বিধি বলবৎ কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। কৃষক মুক্তি সংগ্ৰাম সমিতৰ উদ্যোগত বৃহস্পতিবাৰে চচলত “কা” আইন বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সদস্য সকলে বিভিন্ন দাবী সন্মিলিত প্লে কাৰ্ড লৈ ‘কা’ আমি নামানো, ‘কা’ আইন বাতিল কৰক, ধৰ্মৰ নামত বিদেশীক সংস্থাপন দিয়া বন্ধ কৰক, অসমীয়া মানুহে ‘কা’ কেতিয়াও মানি নলয়, অসমীয়া ভাষাক নিঃশেষ কৰা এই আইন বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজক প্ৰতাৰণা কৰা নচলিব আদি বিভিন্ন শ্লো গানেৰে চচলৰ পৰিবেশ উত্তাল কৰি তোলে।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতৰ সভাপতি দেবেন শৰ্মা, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, অসমৰ ভাষা ,সভ্যতা ,সংস্কৃতি তথা ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি অসমীয়া জাতিটোক নিঃশেষ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘কা’ আইন জাপি দিব বিচাৰিছে। আমাৰ স্পষ্ট কথা এই আইন কোনো কাৰণতে বলবৎ কৰিবলৈ দিয়া নহব। এই  কলা আইন বতিলৰ বাবে আগন্তুক দিনত আন্দোলন তীব্ৰতৰৰ পৰা অধিক তীব্ৰতৰ হ’ব।