উত্তৰ-পূর্বাঞ্চলৰ ৰিয়েল এষ্টেট উদ্যোগৰ অগ্রগতি আৰু নতুন দিশ নির্দেশনা প্রদানৰ লক্ষ্যৰে ব্যতিক্রম আৰু টাইমস অফ ইন্ডিয়াৰ উদ্যোগত দ্বিতীয়বাৰলৈ অনুস্থিত হ’ল ‘ব্যতিক্রম ৰিয়েল এস্টেট কনক্লেভ ২.০। গুৱাহাটী খানাপাৰাস্থিত হোটেল ভিভান্টাত, ২৫ জুলাই পুৱা ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হয় এই কনক্লেভ । অনুষ্ঠানত সহযোগিতা আগবঢ়াইছিল এছ আৰ এম বি , নেডফি , এছ বি আই, অম্বুজা নেওটিয়া, শ্ৰী বালাজী পন্থানীৱাছ, আৰু আই ডি এফ চি বেংক । লগতে সংবাদ মাধ্যমৰ অংশীদাৰ মিৰ্চি ৯৫, প্ৰাগ নিউজ, ইষ্টাৰ্ন ক্ৰনিকল, শিৱ মিডিয়া, আৰু ব্যাতিক্ৰম ডিজিটেলে এই কনক্লেভটোক সক্ৰিয়ভাৱে প্ৰচাৰ সহযোগ কৰে । অনুষ্ঠানত আৰম্ভণিতে ৰাজ্যিক সংগীত আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান জনাই আমন্ত্ৰণীয় অতিথিৰ দ্বাৰা এগছি বন্তি প্ৰজ্বলন কৰে । অতিথি হিচাপে উপস্থিত আছিল এছবিআই-ৰ চিজিএম প্রভাস বসু, নেডফি ৰ ডিজিএম পিভিএছএলএন মূৰ্তি , AREIDA -ৰ সভাপতি পি. কে. শর্মা, এছ আৰ এম বি উপ-সভাপতি অনিৰ্বাণ দাস মজুমদাৰ , লায়ন্সৰ ৩২২ জিলাৰ জিলা গৱৰ্নৰ লয়া্ন পংকজ পদ্দাৰ, ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি ডীন ডঃ এইচ পি আগৰৱাল , এছ বি আই ৰ ডি জি এম নীৰজ চৌধুৰী, অধিবক্তা জুনমনি দেৱী খাউণ্ড নৰ্থ-ইষ্টতৰ দ্য টাইমছ অৱ ইণ্ডিয়া শাখা মুৰব্বী মানশ গগৈ , ব্যতিক্ৰমৰ সভাপতি ডঃ সৌমেন ভাৰতীয়া প্ৰমুখ।
আৰম্ভী ভাষনত ব্যতিক্ৰম সভাপতি ড০ সৌমেন ভাৰতীয়াই কয় যে উত্তৰ-পূৰ্বাঞ্চল যি গতিৰে আগবাঢ়িছে, তাক সহায় কৰাৰ এক অন্যতম দিশ হ’ল আধুনিক, প্ৰযুক্তি আৰু পৰিকল্পিত আবাসন ব্যৱস্থা। ৰিয়েল এষ্টেট হৈছে নগৰীয়া বৃদ্ধিৰ এক শক্তিশালী ইঞ্জিন। এই কনক্লেভত ক্ৰেতা, বিক্ৰেতা, আৰু নিৰ্মাতাসকলক একত্ৰিত কৰি অন্তৰ্দৃষ্টি ভাগ-বতৰা আৰু সজাগতা বৃদ্ধি কৰা হৈছে। ইয়াত আধুনিক, পৰিকল্পিত গৃহ নিৰ্মাণৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ অগ্ৰগতিক সমৰ্থন কৰাত মনোনিৱেশ কৰা হৈছে, লগতে ক্ৰেতা-বিক্ৰেতাৰ সুৰক্ষা আৰু নিৰ্মাতা আৰু চৰকাৰৰ ভূমিকাকো সন্দৰ্ভত সকলো যাতে সজাগ হ’য় তাৰে উদেশ্য আমাৰ এই কনক্লেভ । AREIDA ৰ সভাপতি পি.কে শৰ্মাই অসমৰ ৰিয়েল এষ্টেটৰ পৰিমাণ বৃদ্ধি পোৱাৰ আলোকপাত কৰে, যাৰ মূল্য বৰ্তমান ২৬ বিলিয়ন ডলাৰ আৰু বছৰি ৮১০% হাৰত সম্প্ৰসাৰণ কৰা হৈছে। তেওঁ নিশ্চিত ভাৱে কয় যে ২০৩০ চনৰ ভিতৰত বৃদ্ধি পোৱা জনসংখ্যা আৰু নগৰায়নে ৪০% হ’ব বুলি আশা কৰা হৈছে, যিয়ে গৃহ নিৰ্মাণ, আন্তঃগাঁথনি, আৰু ভূমি ব্যৱহাৰৰ সমাধানৰ চাহিদা বৃদ্ধি কৰিব। নেডফাইৰ চিজিএম পি.ভি.এছ.এল.এন. মুৰ্তিয়ে কয় যে “এই উন্নয়নে সুষম আঞ্চলিক প্ৰগতিৰ দিশত এক ইতিবাচক পৰিৱৰ্তন চিহ্নিত কৰিছে । ই নতুন সুযোগ মুকলি কৰি , আন্তঃগাঁথনি উন্নত কৰি , স্থানীয় জনগোষ্ঠীসমূহৰ বাবে সুবিধা কঢ়িয়াই আনিব। এছ বি আইৰ চি জি এম প্ৰভাস বসু বেংকৰ দায়বদ্ধতাক দৃঢ়তাৰে কয়, আমি অসমৰ ৰিয়েল এষ্টেট সফলতাৰ গৌৰৱময় অংশীদাৰ। আমাৰ দ্ৰুত প্ৰক্ৰিয়াকৰণ আৰু উচ্চ সন্তুষ্টিৰ স্তৰৰ বাবে বিল্ডাৰ আৰু গ্ৰাহকে আমাক বিশ্বাস কৰে।ৰিয়েল এষ্টেট ক্ষেত্ৰ দূৰদৰ্শীতা আৰু উদ্যোগী তথা শিক্ষা ক্ষেত্ৰৰ অন্যতম অৱদানৰ বাবে অবনী কুমাৰ দাসক জীৱন ব্যতিক্ৰম জোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ’ল । বটা গ্ৰহণ কৰি তেওঁ কয় যে “অসমৰ গ্ৰাম্য অঞ্চলত মজিয়াত পঢ়াৰ পৰা আৰম্ভ কৰি প্ৰতিষ্ঠান গঢ়ালৈকে মোৰ যাত্ৰা স্থিতিস্থাপকতা, উদ্দেশ্য, আৰু কেতিয়াও হাৰ নমনা কাহিনী। সৈই কাহিনী আজি ব্যতিক্ৰম সন্মান জনোৱা মূহুৰ্তত মই আবেগিক হৈয় পৰিলোঁ। মোৰ চাৰিটা দশক পৰিশ্ৰমক তাক স্বীকৃতি দিয়াৰ বাবে ব্যতিক্ৰম পৰিয়াললৈ মোৰ অশেষ কৃতজ্ঞতা থাকিল।
অনুষ্ঠানত ৰিয়েল এষ্টেটৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় ওপৰত আলোচনা চক্ৰ আৰু উপস্থাপন আয়োজন কৰিছিল য’ত অংশগ্ৰহণ কৰিছিল পি ডব্লিউ ডি মুখ্য অভিযন্তা দীপক কুমাৰ বৈশ্য ,অচ্যুত গ্ৰুপ অনুৰাগ খেটাৱট, এছ আৰ এম বি প্ৰাক্তন সভাপতি সুমিত দাস , গুৱাহাটী ৰিয়েল্টৰ এছ’চিয়েচন সঞ্জয় কুমাৰ আগৰৱাল, অধিবক্তা সীমা শৰ্মা, অধিবক্তা সোহেলী ছীল চৰকাৰ, আৰ্কিটিক ৰাণা মহন্ত , অৱসৰপ্ৰাপ্ত এচ চি এছ অসম চৰকাৰ ৰাজৱীৰ হুছেইন প্ৰমুখ।
অনুষ্ঠানৰ শেষত এনচিএফই প্ৰমাণিত বিত্তীয় শিক্ষা প্ৰশিক্ষক, আৰু ফৰ্চুন উইংছৰ প্ৰতিষ্ঠাপক প্ৰণৱ দত্ত কয় যে ” উপস্থিত সকলক সম্পত্তিক কেৱল সম্পত্তি হিচাপেই নহয়, দীৰ্ঘম্যাদী ব্যক্তিগত বৃদ্ধিৰ কৌশল হিচাপে চাবলৈ উৎসাহিত কৰে। লগতে ফৰ্চুন উইংছৰ সহ-প্ৰতিষ্ঠাপক অভিজিৎ দত্তেও একেটা অধিবেশনত মূল্যৱান অন্তৰ্দৃষ্টি যোগ কৰি ৰিয়েল এষ্টেটক বহনক্ষম সম্পদ সৃষ্টিৰ ভেটি হিচাপে গঢ়ি তোলাত বিত্তীয় সাক্ষৰতা আৰু কৌশলগত পৰিকল্পনাৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটোত ভাগ কৰা আলোচনা আৰু অন্তৰ্দৃষ্টিই এক ভাগ-বতৰা কৰা দৃষ্টিভংগীক শক্তিশালী কৰি তুলিলে—যিটোৱে সমগ্ৰ উত্তৰ-পূবত আঞ্চলিক উন্নয়ন, সম্প্ৰদায়ৰ কল্যাণ, আৰু দীৰ্ঘম্যাদী প্ৰভাৱত শিপাই থকাৰ লগতে বৃদ্ধিক আকোৱালি ল’য় সন্মান জনাইছে ব্যতিক্ৰম।
