শাসক দল ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ২০২২-২৩ বৰ্ষত নিৰ্বাচনী বণ্ডৰ জৰিয়তে প্ৰায় ১৩০০ কোটি টকা লাভ কৰে। এই পৰিমাণটো একে সময়তে এই মাধ্যমৰ (নিৰ্বাচনী বণ্ড) পৰা বিৰোধী দল কংগ্ৰেছে প্ৰাপ্ত কৰা পৰিমাণতকৈ সাত গুণ বেছি। নিৰ্বাচন আয়োগক দাখিল কৰা দলটোৰ বাৰ্ষিক অডিট প্ৰতিবেদন অনুসৰি, বিজেপিয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত মুঠ ২১২০ কোটি টকা লাভ কৰিছিল, যাৰ ভিতৰত ৬১ শতাংশ নিৰ্বাচনী বণ্ডৰ পৰা লাভ কৰে।
২০২১-২২ বিত্তীয় বৰ্ষত, দলটোৱে মুঠ ১৭৭৫ কোটি টকাৰ অনুদান লাভ কৰিছিল। ২০২২-২৩ বৰ্ষত দলটোৰ মুঠ উপাৰ্জন আছিল ২৩৬০.৮ কোটি টকা, যি ২০২১-২২ বিত্তীয় বৰ্ষত ১৯১৭ কোটি টকা আছিল। আনহাতে, কংগ্ৰেছে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ১৭১ কোটি টকা লাভ কৰিছিল, যি ২০২১-২২ বৰ্ষত ২৩৬ কোটি টকাৰ পৰা হ্ৰাস পাইছিল। উল্লেখ্য যে বিজেপি আৰু কংগ্ৰেছ দুয়োটা স্বীকৃত ৰাষ্ট্ৰীয় দল। ৰাজ্যিক স্তৰৰ স্বীকৃত দল সমাজবাদী পাৰ্টি (এছপি)য়ে ২০২১-২২ বৰ্ষত নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৩.২ কোটি টকা লাভ কৰিছিল।
আন এটা ৰাজ্যিক স্বীকৃত দল তেলেগু দেশম পাৰ্টিয়ে (টিডিপি) ২০২২-২৩ বৰ্ষত নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৩৪ কোটি টকা লাভ কৰিছিল, যি আগৰ বিত্তীয় বৰ্ষতকৈ ১০ গুণ বেছি। বিজেপিয়ে যোৱা বিত্তীয় বৰ্ষত সূত হিচাপে ২৩৭ কোটি টকা উপাৰ্জন কৰিছিল, যি ২০২১-২২ বৰ্ষৰ উপাৰ্জনতকৈ ১৩৫ কোটি টকা অধিক। নিৰ্বাচন আৰু সাধাৰণ প্ৰচাৰত ইয়াৰ মুঠ ব্যয়ৰ ভিতৰত, বিজেপিয়ে বিমান আৰু হেলিকপ্টাৰ ব্যৱহাৰৰ বাবে ৭৭.২ কোটি টকা পৰিশোধ কৰিছিল, যি ২০২১-২২ বৰ্ষত ব্যয় কৰা ১১৭.৪ কোটি টকাৰ পৰা হ্ৰাস পাইছে। দলটোৱে প্ৰাৰ্থীসকলক বিত্তীয় সাহায্য হিচাপে ৭৬.৫ কোটি টকা পৰিশোধ কৰিছিল, যি ২০২১-২২ বৰ্ষত ১৪৬.৪ কোটি টকা আছিল।