বকো – অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী কোচ ৰাজবংশী সকলোক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিম কৰিম আভূৱা ভাৰি আহিছে। সুদীৰ্ঘ দিন ধৰি চৰকাৰে কোচ ৰাজবংশী সকলোক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি আহিছে। দীৰ্ঘদিন ধৰি কোচ ৰাজবংশী সকলে আবেদন নিবেদন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই। সম্প্ৰতি কামৰূপ জিলা আৰু গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলে জনজাতিৰ মৰ্য্যদা লাভ কৰিবলৈ তথা চৰকাৰক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ বাধ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে ; অসম চৰকাৰৰ চলিত বাজেট অধিবেশনত মিছিং ; তিৱা আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক অধিক ক্ষমতা আৰু ষষ্ঠ অনুসুচী প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই ক্ষেত্ৰত দক্ষিণ কামৰূপ জিলা আৰু গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকল অধিক ক্ষোভিত হৈছে। ৰাজ্য চৰকাৰে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক সংবিধান প্ৰদত্ত জনজাতিৰ মৰ্য্যদা প্ৰদান নকৰি পূৰ্বৰ পৰাই স্বায়ত্ব শাসিত পৰিষদৰ জৰিয়তে অৰ্থনৈতিক ভাৱে স্বচ্ছল হৈ থকাৰ পিছতো সেই পৰিষদ কেইখনক অধিক অৰ্থনৈতিক ক্ষমতা প্ৰদান কৰিব। কিন্তু সেই পৰিষদ কেই খনৰ অন্তৰ্গত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে গুৰুত্ব দিয়া নাই। ইফালে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদত কোচ ৰাজবংশী সকলোক সুৰক্ষিত কৰি ৰাখিবলৈ যোৱা ২০২৩ বৰ্ষৰ ১১ আগষ্টত ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড:ৰণোজ পেগুৰ নেতৃত্বত কেবিনেট মন্ত্ৰী ৰণজিৎ দাসৰ কাৰ্য্যালয়ত আয়োজন কৰা হৈছিল এক যুটীয়া বৈথক।
এই বৈথকৰ সিদ্ধান্ত অনুসৰি মন্ত্ৰী গোটৰ শীৰ্ষ মন্ত্ৰী ড: ৰণোজ পেগুৱে জনাইছিল যে ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ এলেকাত বসবাস কৰা কোচ ৰাজবংশী আৰু অন্যান্য জনগোষ্ঠীৰ মতামত আৰু সহমতৰ সিদ্ধান্ত লৈ অধিক ক্ষমতা তথা ষষ্ঠ অনুসুচী ধৰণৰ সুবিধা প্ৰদান কৰিব। কিন্তু যোৱা বছৰৰ ১১ আগষ্টতে লোৱা সিদ্ধান্ত আৰু আস্বাসক আভূৱা ভাৰি বঞ্চনা কৰি আহিছে। আজিলৈকে চৰকাৰী পক্ষই এই ত্ৰিপাক্ষিক বৈথক অনুস্থিত নকৰিলে। এই কথাটোৱে চৰকাৰৰ মন্ত্ৰী গোটৰ ঘোষণা মিছা বুলি প্ৰমাণিত হ’ল। এই কথাই প্ৰমাণ কৰে কোচ ৰাজবংশী সকলোৰ সমস্যা সমাধানৰ বাবে মুঠেই আগ্ৰহী নহয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ। মন্ত্ৰী ড: পেগুৰ ঘোষণা অসাৰ প্ৰতিপন্ন হৈছে বাবে আজি গোৱালপাৰা জিলাৰ ফফলত আয়োজন কৰা হৈছে এখন বিশেষ সভা। গোৱালপাৰা জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি সুশীল কুমাৰ ৰয়ে সঞ্চালনা কৰা সভাত অহা ২৪ ফেব্ৰুৱাৰী অৰ্থাৎ বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ দিনা আমিনগাঁওত অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
চিলাৰায় দিৱসৰ দিনা দক্ষিণ কামৰূপ জিলা আৰু গোৱালপাৰা জিলাত কোচ ৰাজবংশী সকলোৰ মুল সমস্যাৰ সমাধান বিচাৰি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত স্মাৰক পত্ৰ হিচাপে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।বৈথকত দুয়ো জিলাৰ কোচ ৰাজবংশী সকলোক অহা লোকসভা নিৰ্বাচনৰ আগে আগে অনুসৰি জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ বি জে পি চৰকাৰক আহ্বান জনায়। আজিৰ সভাতেই দুয়ো জিলাৰ কোচ ৰাজবংশী সন্মিলনীৰ সমন্বয়ৰক্ষী সমিতি খন পুনৰ গঠন কৰা হয়। গোৱালপাৰা জিলাৰ সুশীল কুমাৰ ৰায়ক সভাপতি ; দক্ষিণ কামৰূপ জিলাৰ অশোক কুমাৰ দাসক কাৰ্য্যকৰী সভাপতি আৰু দীপক কুমাৰ ৰয় লগতে জয়ন্ত কুমাৰ ৰায়ক যুটীয়া সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি গঠন কৰা হৈছে সমন্বয়ৰক্ষী সমিতি খন। সভাত কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ ডিম্বেশ্বৰ দাস ; যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি অনুপম দাস ; সন্মিলনীৰ নাৰায়ণ মেধি ; বিষ্ণু ৰাম দাস ; পবিত্ৰ কুমাৰ দাস ; হিমাংশু দাসকে ধৰি অৰ্ধশতাধিক বিষয় ববীয়াই অংশগ্ৰহণ কৰে।