কাটাৰৰ ৰাছ লাফান এল এন জি ক্ষেত্ৰত ইৰানৰ আক্ৰমণৰ প্ৰভাৱ ইতিমধ্যে বৃহৎ বুলি বিবেচিত হৈছে। কিয়নো এই প্লাণ্টটোৰ ওপৰতে কাটাৰৰ অৰ্থনীতি নিৰ্ভৰ কৰি আছে। যিটোৰ দ্বাৰা আজি কাটাৰ চহকী দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। এই গেছক্ষেত্ৰ কাটাৰৰ বাবে হীৰা বুলি খ্যাত। কিন্তু এতিয়া ইৰানে এই গেছক্ষেত্ৰত আক্ৰমণ চলায়। কাটাৰৰ শক্তি মন্ত্ৰীয়ে আক্ৰমণৰ পিছত উল্লেখ কৰিছে যে ইয়াৰ ফলত তেওঁৰ দেশৰ কোটি কোটি টকাৰ লোকচান হ’ব। কাটাৰত অৱস্থিত ৰাছ লাফান হৈছে বিশ্বৰ সৰ্ববৃহৎ এল এন জি ক্ষেত। কাটাৰৰ শক্তি মন্ত্ৰী সাদ বিন শ্বেৰিদা আল কাবীয়ে কয় যে অহা পাঁচ বছৰত কাটাৰৰ তৰলীকৃত প্ৰাকৃতিক গেছ (এল এন জি) ৰপ্তানি ক্ষমতা ১৭ শতাংশ হ্ৰাস পাব, যাৰ ফলত বছৰি প্ৰায় ২০ বিলিয়ন ডলাৰ লোকচান হ’ব।
এল এন জি উৎপাদন কৰিবলৈ প্ৰাকৃতিক গেছ অতি কম উষ্ণতালৈ শীতল কৰা হয়। ইয়াৰ বাবে ‘ট্ৰেইন’ নামৰ বৃহৎ উদ্যোগিক ইউনিট ব্যৱহাৰ কৰা হয়। শক্তি মন্ত্ৰীগৰাকীৰ মতে, ইৰানৰ আক্ৰমণত প্লাণ্টটোৰ ১৪খন ট্ৰেইনৰ ভিতৰত দুখন ট্ৰেইন ক্ষতিসাধন হৈছে। ইজৰাইলৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰানে ৰাছ লাফানক আক্ৰমণ কৰে। এছিয়াৰ দেশসমূহ কাটাৰৰ এল এন জিৰ ওপৰত আটাইতকৈ বেছি নিৰ্ভৰশীল, বিশেষকৈ জাপান, দক্ষিণ কোৰিয়া, ভাৰত আৰু চীন। ইউৰোপত ইটালী আৰু বেলজিয়াম ইতিমধ্যে প্ৰধান গ্ৰাহক যদিও ইউক্ৰেইন যুদ্ধৰ পিছত ৰাছিয়াৰ গেছৰ পৰা আঁতৰি অহাৰ বাবে ইউৰোপে মধ্যপ্ৰাচ্যৰ গেছৰ ওপৰত ক্ৰমান্বয়ে নিৰ্ভৰশীল হৈ পৰিছে। বিশ্বজুৰি কাটাৰক প্ৰাকৃতিক গেছৰ বজাৰত এক প্ৰধান দেশ হিচাপে গণ্য কৰা হয়। এল এন জি হৈছে এক গুৰুত্বপূৰ্ণ শক্তিৰ উৎস, ঘৰ গৰম কৰা, ৰন্ধা-বঢ়া, জাহাজ আৰু কাৰখানাক শক্তি প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হয়।
সাৰ উৎপাদনৰ বাবেও ইয়াৰ প্ৰয়োজন। উল্লেখ্য যে ইৰানৰ এই আক্ৰমণৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানীয়ে ফোনযোগে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কাটাৰৰ আমিৰক ঈদৰ শুভেচ্ছা জনায় আৰু এই আক্ৰমণৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়-মই মোৰ ভাতৃ কাটাৰৰ আমিম বিন হামাদ আল থানীৰ সৈতে বাৰ্তালাপ কৰোঁ আৰু ঈদ উপলক্ষে তেওঁক আৰু কাটাৰৰ জনসাধাৰণক শুভেচ্ছা জনাইছো। আমি কাটাৰৰ সৈতে আমাৰ সংহতি পুনৰবাৰ প্ৰকাশ কৰিছো আৰু অঞ্চলটোৰ শক্তি আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক কঠোৰভাৱে গৰিহণা দিছো।
