মহিলাৰ সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ সজাগতাৰ বাবে অসম মহিলা আয়োগৰ উদ্যোগত ৰাজ্যজুৰি আয়োজন কৰা হৈছে ‘বিশ্বাস যাত্ৰা’ শীৰ্ষক বাইক ৰেলী। আজি আনুষ্ঠানিকভাৱে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প, গুৱাহাটীত শুভাৰম্ভণি কৰা হয়৷ ৰেলীত অংশ লৈছে অসম মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই।
‘বিশ্বাস যাত্ৰা’ বাইক ৰেলী অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠানত অসম চৰকাৰৰ মাননীয় মুখ্য সচিব ড° ৰবি কোটা , অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মুকেশ চন্দ্ৰ চাহু , অসম চৰকাৰৰ মহাধিবক্তা শ্ৰী দেৱজিৎ শইকীয়া , অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সঞ্চালক গৌৰী শংকৰ শৰ্মা উপস্থিত থাকে।
