বকোৰ শ্ৰী শ্ৰী দলবাৰী বুঢ়াগোহাঁই মন্দিৰত বাৰ্ষিক সবাহ হৰিনাম ধ্বনীত মুখৰিত মন্দিৰ চৌহদ

185

বকো – কামৰূপ জিলাৰ বকোৰ ঐতিহ্য মণ্ডিত দলবাৰী বুঢ়াগোহাঁই মন্দিৰত আয়োজন কৰা হৈছে বাৰ্ষিক সবাহ।  ১৩ , ১৪ ফেব্ৰুৱাৰীত দুই দিনীয়া ধৰ্মীয় মাংগলিক পৰম্পৰাৰে আয়োজন কৰা হৈছে সবাহ ভাগিৰ। উল্লেখ্য যে ; শ্ৰী শ্ৰী দলবাৰী বুঢ়াগোহাঁই আশ্ৰীত ১ নং আৰু ২ নং দিলিঙ্গা গঞা ৰাইজৰ সভাপতি কমলা ভড়ালী আৰু সম্পাদক প্ৰসন্ন কুমাৰ দাসে জনোৱা মতে ; দুই দিনীয়াকৈ আয়োজন কৰা সবাহত গৰখীয়া ; বৰ গৰখীয়া ; ভক্তগণ আদৰণি তোৰণ ; গোঁসাই ফুৰোৱা আদিকে ধৰি বহু ধৰ্মীয় ৰীতি নীতি পালন কৰা হয়।

প্ৰথম দিনা গৰখীয়া থান উন্মোচন কোচ ৰাজবংশী যুৱ নেতা অনুপম দাসে ; চৌহদৰ বেৰ উন্মোচন কৰে পকী বেৰ দাতা বসন্ত দাস আৰু মহেশ ঠাকুৰীয়াকে ধৰি অন্যান্য দাতা সকলে ; মুল প্ৰবেশ দ্বাৰ উন্মোচন কৰে নগেন দাসে।

গোঁসাই ফুৰোৱা উৎসৱ উদ্ধোধন কৰে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে আৰু হোলিকা দাহন উপলক্ষে ভেলাঘৰ জ্বলোৱা আদি কাৰ্য্যসুচী ৰূপায়ণ হোৱাৰ পিছত ১৪ ফেব্ৰুৱাৰীত বৰ সবাহ অনুষ্ঠিত হৈছে। বৰ সবাহত অজশ্ৰ ভক্তই নৈৱদ্য শৰাই আগবঢ়ায়। বৰ সবাহত হৰি ধ্বনী আৰু গায়ন বায়নৰ জয়ধ্বনীত মন্দিৰ প্ৰাংগনত ৰজনজন পৰিবেশ সৃষ্টি হয়।