গুৱাহাটী মহানগৰীৰ পশ্চিম জালুকবাৰীৰ ঐতিহাসিক খানামুখ ৰাজহুৱা নামঘৰত বিগত বছৰৰ দৰে এইবেলিও পবিত্র মাঘী পূর্ণিমা তিথিৰ লগত সংগতি ৰাখি শ্ৰীশ্ৰীবিষ্ণুদেৱৰ বাৰ্ষিক হোমাহুতি উৎসৱ অনুষ্ঠিত হয়। পুৱা ৯ বজাত যাবতীয় ৰীতি-নীতি আৰু পৰম্পৰাগত প্ৰথাৰে জল আহৰণ আৰু ঘট স্থাপনৰে হোমাহুতি উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পাছত ১০ বজাৰ পৰা বিয়লি ১ বজালৈ ভাগবত লৈ অঞ্চলটোত এক বিশাল সাংস্কৃতিক আৰু ধর্মীয় শোভাযাত্রা উলিওৱা হয়।
শোভাযাত্ৰাত অঞ্চলটোৰ শিশুসকলে বিভিন্ন দেৱ-দেৱীৰ বেশভূষা পৰিধান কৰি ভাগ লৈ সকলোকে আপ্লুত কৰাৰ সমান্তৰালভাবে মহিলা – যুৱতী সকলেও নাম- প্ৰসংগ পৰিবেশন কৰে । শোভাযাত্ৰাৰ সময়ত অঞ্চলটোৰ প্ৰতিঘৰ লোকে ঘৰৰ বা পদুলিৰ সন্মূখত কলগছৰ পুলিত গামোচা পাৰি সাষ্টাংগে প্ৰণিপাত জনায় আশীৰ্বাদ গ্ৰহণ কৰে। বিয়লি ১ বজাত হোমাহুতি আৰু পুষ্পাঞ্জলী অর্পণ, ২ বজাত প্রসাদ আৰু ভোগ বিতৰণ কৰা হয়।
আনহাতে খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ প্ৰচাৰ বিভাগৰ দায়িত্ববাহী প্ৰদীপ কলিতা ( নামান) , লোহিত কলিতা আৰু ৰঞ্জিত কলিতাই জানিবলৈ দিয়া মতে হোমাহুতি উৎসৱৰ কাৰ্যসূচীত বৃহত্তৰ অঞ্চলটোৰ উপৰিও দাঁতি কাষৰীয়া অঞ্চলৰ শিশু – মহিলা নিৰ্বিশেষে প্ৰায় এক হাজাৰ লোকে অংশগ্ৰহণ কৰে । সন্ধিয়া ৬ বজাত বন্তি প্রজ্বলনৰে এইবেলিৰ বাৰ্ষিক হোেমাহুতি উৎসৱৰ সামৰণি মৰা হয়।