অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী। ছাত্ৰ সংগঠনৰ একাংশ নেতা-সদস্যৰ অগপত যোগদান। যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয়, “আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন।আজিৰ দিনটোত যথেষ্ঠ উচ্চ শিক্ষিত যুৱকে দলত যোগদান কৰিছে। নতুনৰ বাবে সদায় আমি দুৱাৰ খুলি ৰাখিছো। নতুন তেজৰ আমদানিৰে আৰু অধিক শক্তিশালী হব অগপ দলটো। কেইবাখনো জিলাৰ ছাত্ৰ ইয়াত যোগদান কৰিছে। বহু যুৱক যুৱতী আঞ্চলিক দলৰ প্ৰতি আকৃষ্ট হৈছে।
