ব্যতিক্ৰমৰ উদ্যোগত ত্ৰিপুৰাত ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মবার্ষিকী উদযাপন

128

অসমৰ অগ্ৰণী সামাজিক তথা সাংস্কৃতিক সংস্থা ব্যতিক্রম মাছডোৱে ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মবার্ষিকী উদযাপন কৰিব ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত। এই সম্পর্কে গুৱাহাটী প্ৰেছ ক্লাবত ৩১ আগষ্টত এখন সংবাদ মেলৰ আয়োজন কৰে। উদ্যোক্তাসকলে জনায় যে ৭ ছেপ্টেম্বৰ শনিবাৰে আগৰতলাৰ টাউন হলত বিয়লি ৫ বজাৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান। অনুষ্ঠানত সহযোগিতা আগবঢ়াইছে ত্ৰিপুৰা চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু নিউজ বেংগল ৩৬৫-এ। সংবাদমেলত উপস্থিত থাকে সমৰ হাজৰিকা, ডাৱৰ হাজৰিকা, জয়তি ভট্টাচার্য, প্রণিতা তালুকদাৰ, সংস্কৃতা মালাকাৰৰ লগতে ব্যতিক্ৰম মাছড’ৰ সভাপতি ড° সৌমেন ভাৰতীয়া। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমন্ত্রণ কৰা হৈছে ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডী নল্লু, মুখ্যমন্ত্রী মানিক সাহা,

ত্ৰিপুৰা চৰকাৰৰ মুখ্য হুইপ কল্যাণী সাহাৰায়, উপাধ্যক্ষ ৰাম প্রসাদ পল প্রমুখ। ব্যতিক্রম সংস্থাই প্রায় ১১ বছৰ ধৰি ড° ভূপেন হাজৰিকাৰ জন্মবার্ষিকী উপলক্ষে সাংস্কৃতিক অনুষ্ঠান ভাৰত তথা ভাৰতৰ বাহিৰতো অনুষ্ঠিত কৰি অহাৰ লগতে বিভিন্ন সময়ত সংগীতশিল্পী গৰাকীৰ বিষয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰচাৰ কৰি আহিছে। ৯৮তম জন্মজয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা, ভাইবোৱাৰী শুভা হাজৰিকা, ভতিজা ডাৱৰ হাজৰিকাৰ, ড° মৌচুমী চহৰিয়া, সংস্কৃতা মালাকৰ, নৃত্যশিল্পী টানিছা দত্ত, গায়িকা জয়তি ভাট্টাচার্য, গায়িকা প্রণিতা তালুকদাৰ, কুঁৱলী হাজৰিকা, নম্রতা নাথ, কাৱেৰী শৰ্মা বৰুৱা, পিংকি দাস, দীপিকা মালাকাৰ, ৰাজু আলি, ইন্দ্ৰাক্ষি দত্ত, তৰুণ চক্ৰৱৰ্তী, অৰিত্ৰ চক্ৰৱৰ্তী, জয়দীপ সান্যাল, আমিনুল হক ভূঞা, তনিশা দত্ত, ড° সৌমেন ভাৰতীয়া সহ প্রায় ৩০ জনৰ এটা দলে।

উল্লেখযোগ্য যে প্রতি বছৰৰ দৰে ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত ‘ড° ভূপেন হাজৰিকা ব্যতিক্রম আন্তর্জাতিক সম্মান ২০২৪’ বঁটা প্রদান কৰা হ’ব প্রখ্যাত সংগীত শিল্পী তিথি দেৱবৰ্মনক। উক্ত অনুষ্ঠান প্রসংগত ড° সৌমেন ভাৰতীয়াই কয় যে “ড° ভূপেন হাজৰিকাৰ নিজে এটা প্রতিষ্ঠান। সুধাকণ্ঠ গৰাকীয়ে সংগীতৰ জৰিয়তে সমাজ বিপ্লৱৰ বহুখিনি কথা শিকাই গৈছে। আমি বিচাৰো ভূপেন হাজৰিকাৰ কৰ্মৰাজী সদায় জিয়াই থকাক আৰু আগবঢ়াই লৈ যোৱা হওক। সেই বাবে আমি এই অনুষ্ঠান ধাৰাবাহিকভাৱে উদযাপন কৰি আহিছোঁ। ৯৮সংখ্যক জন্মজয়ন্তী আগৰতলাত অনুষ্ঠিত হোৱাৰ লগতে আমি জনাবলৈ পাই সুখী যে অহা অক্টোবৰ মাহৰ ৩১ তাৰিখে আমি এছ ডি বৰ্মনৰ প্রয়াণ দিৱস উপলক্ষে এটি অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰিম।” ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই জনায় যে “ব্যতিক্রম মাছডোবে কেইবাবছৰ ধৰি ভূপেন দাৰ জন্মজয়ন্তী ভাৰত তথা ভাৰতৰ বাহিৰতো বিভিন্ন ঠাইত অনুষ্ঠিত কৰি আহিছে। মই এবাৰ ব্যতিক্ৰমৰ আমন্ত্ৰণত বাংলাদেশলৈ গৈছিলো। এইবাৰ জন্মজয়ন্তী পালন কৰিব আমাৰ কাষৰীয়া ৰাজ্য ত্ৰিপুৰাত। ভূপেনদা আচলতে শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক। তেখেতক স্মৰণ কৰা মানে দুখন ৰাজ্যৰ মাজত সম্পৰ্ক সুদৃঢ় কৰা। অনুষ্ঠানটোৰ সফলতা কামনা কৰোঁ। ব্যতিক্ৰম মাছডোৰ এই সুন্দৰ পদক্ষেপ সচাঁই শলাগ ল’বলগীয়া।