বকোৰ বেলপাৰাত বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক বাৰ্ষিক অধিবেশন সমাপন।

165

বকো – ৰাজ্যৰ থলুৱা জনগোষ্ঠী সমূহৰ অন্যতম ৰাভা সকলোৰ সামগ্ৰীক বিকাশৰ বাবে কাম কৰি থকা জাতীয় সংগঠন ৰাভা জাতীয় পৰিষদৰ অধিবেশন বকোৰ বেলপাৰাত অনুষ্ঠিত হয়। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক অধিবেশন খন আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বেলপাৰা নৱজ্যোতি সংঘৰ প্ৰাংগনত আয়োজন কৰা হয়। উল্লেখ্য যে ; বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ সভাপতি উপেন চন্দ্ৰ ৰাভা আৰু ভাৰপ্ৰাপ্ত সম্পাদক কৰ্ণধৰ ৰাভাই জনোৱা মতে ; বেলপাৰা অঞ্চলৰ সমাজ কৰ্মী অনিল ৰাভাক সভাপতি আৰু যুৱ কৰ্মী বুলু ৰাভাক সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠন কৰা অভ্যৰ্থনা সমিতিয়ে অধিবেশন খন সৰ্বাঙ্গসুন্দৰ ৰূপত পৰিচালনা কৰিছে।

অধিবেশনৰ যাৱতীয় কাম-কাজ সুন্দৰ ৰূপৰ পৰিচালিত হৈছে বুলি জানিব দিয়ে বহু প্ৰতিনিধিয়ে। কেৱাটাও বিভাগত দায়িত্ব দি গঠন কৰা হৈছিল কেৱাখনো উপ সমিতি। এই বেলি বেলপাৰা – পাঠশালাকোঠ শাখা ৰাভা জাতীয় পৰিষদৰ উদ্যোগত আয়োজন কৰা হৈছে অধিবেশনৰ মুল কাৰ্য্যসুচী।

অভ্যৰ্থনা সমিতিৰ উপ সভাপতি দ্বয় মিলন ৰাভা আৰু উমেশ চন্দ্ৰ ৰাভাই জনোৱা মতে ; অধিবেশনৰ কাৰ্য্যসুচী অনুসৰি আজি পুৱা পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি উপেন চন্দ্ৰ ৰাভাই ; কাৰ্য্যসুচী অনুসৰি স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত সৈনিক বৈকুণ্ঠ ৰাভাই ; গছ পুলি ৰোপন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰমেশ ডেকা আৰু সমাজ কৰ্মী তৰুণ বড়োই। ইয়াৰ পিছতে প্ৰতিনিধিৰ নাম পঞ্জীয়ন আৰু প্ৰতিনিধি সভা আৰম্ভ। দিনৰ বহু কাৰ্য্যসুচী ৰূপায়নৰ পিছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ’ব। অধিবেশনৰ সকলো অনুষ্ঠানতে ৰাইজৰ সহযোগিতাৰ বাবে উদ্যোক্তা সমিতিয়ে শলাগ লৈছে সকলোকে।