২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ (জি এ এফ এফ)। ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত আয়োজিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (এন এফ ডি চি) সহযোগত আয়োজিত এই মহোৎসৱৰ উদ্বোধনী চিনেমা হিচাপে প্ৰদৰ্শিত হ’ব শ্বোকিৰ খোলিকভৰ দ্বাৰা পৰিচালিত বহু সমাদৃত উজবেকিস্তানী চলচ্চিত্ৰ ‘চানডে’। আনহাতে, আলৰেজা ঘাচেমী আৰু ৰাহা আমিৰফজলীৰ যুটীয়া পৰিচালনাৰে নিৰ্মিত ইৰানী ছবি ‘ইন দ্য লেণ্ড অৱ ব্ৰাডাৰ্ছ’ৰ প্ৰদৰ্শনীৰে এই বৰ্ণিল মহোৎসৱৰ সামৰণি পৰিব। এই কথা সোমবাৰে জ্যোতি চিত্ৰবনত সংবাদমেলযোগে সদৰী কৰিছে চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালিকা মনিতা বৰগোহাঁইয়ে।
এইবাৰৰ চলচ্চিত্ৰ সমাৰোহ অধিক বিস্তৃত ৰূপত এছিয়ান চিনেমাৰ চহকী বৈচিত্ৰ্যক উদযাপন কৰাৰ লগতে অঞ্চলটোৰ বাহিৰৰ বহুসংখ্যক চলচ্চিত্ৰ নিৰ্মাতাই অংশগ্ৰহণ কৰিব। আমি ২০০ খনতকৈও অধিক ছবিৰ আবেদন লাভ কৰিছোঁ, যাৰ ভিতৰত ৯০খন ছবি ভাৰতৰ বাহিৰৰ পৰা প্ৰেৰণ কৰা হৈছে।” গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ এই দ্বিতীয় সংস্কৰণত ভিয়েটনাম, মঙ্গোলিয়া, উজবেকিস্তান, দক্ষিণ কোৰিয়া, হংকং, জাপান, ম্যানমাৰ, ইৰাণ, কাজাখাস্তান আৰু চীনকে ধৰি ১০খন এচীয় দেশৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব।
