ব্যতিক্ৰমৰ আৰু বৈভৱম ৰ যৌথউদ্যোগত  আধ্যাত্মিক আৰু সাংস্কৃতিক পূর্ণ গাঁথনি উদ্দেশ্যৰে অহা ৩ চেপ্তেম্বৰত শংকৰাচাৰ্য স্বামী নিৰঞ্জন দেৱ তীৰ্থ দেৱৰ ২৮ সংখ্যক পুণ্য তিথি

151

অসমৰ অগ্ৰণী সামাজিক তথা সাংস্কৃতিক সংস্থা ব্যতিক্রম মাছডোৰ আৰু বৈভৱম ৰ যৌথউদ্যোগত শংকৰাচাৰ্য স্বামী নিৰঞ্জন দেৱ তীৰ্থ দেৱৰ ২৮ সংখ্যক পুণ্য তিথি স্মৃতিত অহা ৩ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ হোটেল ভিভান্তাত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱা ৰত্ন বজাত আয়োজিত এই ব্যতিক্রমী আয়োজনত প্রধান অতিথি হিচাপে উপস্থিত থাকিব শংকৰাচার্য গোবর্ধন পীঠ স্বামী অধোক্ষজানন্দ দেৱতীৰ্থ দেৱ। যাৰ উদ্দেশ্য হৈছে সংযুক্ত ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পূর্ণ গাঁথনি আৰু বিশ্বত সনাতন বৈদিক ধৰ্মৰ প্ৰচাৰ কৰা।

উল্লেখযোগ্য যে শংকৰাচাৰ্য গোবর্ধন পীঠ স্বামী দেৱে অসমত উপস্থিত হোৱাৰ পিছত এই খনে হ’ব স্বামী দেৱৰ প্ৰথমখন ৰাজহুৱা সভা য’ত উপস্থিত থাকিব অসমৰ বিভিন্ন খণ্ডৰ ব্যক্তি সকলৰ।

উক্ত অনুষ্ঠানৰ প্ৰসংগত ড° সৌমেন ভাৰতীয়া আৰু ঋষিৰাজ বৰকোটকী কয় যে, “আমি এনে এক ধাৰাবাহিক অনুষ্ঠানৰ কল্পনা কৰিছোঁ য’ত ভাৰতৰ সজীৱ সাংস্কৃতিক বৈচিত্র্য আৰু আধ্যাত্মিক সমৃদ্ধি প্রদর্শন আৰু জনসাধাৰণৰ মাজত ঐক্য আৰু সম্প্রীতি প্ৰসাৰিত কৰিব। এই আলোচনাৰ জৰিয়তে আমি আমাৰ ভাগ-বতৰা ব্যক্ত কৰা আৰু ঐতিহ্যক উদযাপন কৰাৰ লগতে জাতীয় পৰিচয়ৰ ভাৱনা পুনৰ গঢ়ি তোলাৰ লক্ষ্য ৰাখিছোঁ।”