এছ বি দেওৰা মহাবিদ্যালয়ত এন ই ই এ(NEEA)ৰ ২৪ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন

60

গুৱাহাটীৰ উলুবাৰীস্হিত এছ বি দেওৰা মহাবিদ্যালয়ৰ উদ্যোগত ৯ আৰু ১০ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ উত্তৰ-পূব অৰ্থনৈতিক সংস্থা (North Eastern Economic Association চমুকৈ “NEEA” ৰ চতুৰ্বিংশতিতম বাৰ্ষিক অধিৱেশন আৰু ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সফলতাৰে সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে এইবাৰৰ অধিৱেশনৰ মূল বিষয়বস্তু আছিল “Act East Policy “ৰ অধীনত উত্তৰ-পূব ভাৰতত আন্তঃগাঁথনি উন্নয়ন’ আৰু ‘যোৱা দহ বছৰত উত্তৰ-পূবত বিত্তীয় পৰিৱৰ্তন আৰু প্ৰভাৱ’। লগতে ৰিচাৰ্ছ ফৰামৰ ব্যৱস্থা ৰখা হৈছিল য’ত বভিন্ন প্ৰান্তৰ পৰা অহা গৱেষকসকলে গৱেষণা পত্ৰ উপস্থাপন কৰিছে। অধিৱেশনৰ  লগত সংগতি ৰাখি দক্ষিণ-পূব এছিয়া ৱৰ্কিং গ্ৰুপে ৮ ফেব্ৰুৱাৰীত যুৱ গৱেষকসকলৰ বাবে গৱেষণা পদ্ধতি বিষয়ক এখন এদিনীয়া প্ৰি-কনফাৰেন্স কৰ্মশালাও সফলভাৱে অনুষ্ঠিত কৰে।উল্লেখ্য যে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দিব্যজ্যোতি ভট্টাচাৰ্য আৰু কলকাতাৰ ইনষ্টিটিউট অৱ ডেভলপমেণ্ট ষ্টাডিজৰ ড° নন্দিনী ঘোষ কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে উপস্থিত আছিল। ৯ আৰু ১০ ফেব্ৰুৱাৰীৰ আলোচনা চক্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ বিভিন্ন গৱেষকে প্ৰায় ১৩০ খন গৱেষণা পত্ৰ উপস্থাপন কৰিছে।

৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা সন্মিলনৰ উদ্বোধনী সভাত এন ই ই এ ৰ সভাপতি অধ্যাপক অমিতাভ মিত্ৰই সভাপতিত্ব কৰে। এছ বি দেওৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধৰ্মেন্দ্ৰ নাথে অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে। অসম চৰকাৰৰ পূৰ্বৰ অতিৰিক্ত মুখ্য সচিব, ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া হিমাংশু শেখৰ দাসে অধিৱেশনৰ মূল ভাষণ(key note address) প্ৰদান কৰে। তেওঁ ভাৰতৰ বিত্তীয় পৰিৱেশৰ মূল বৈশিষ্ট্যসমূহৰ ৰূপৰেখা দাঙি ধৰে আৰু সামাজিক আৰু লিংগ বৈষম্যৰ বিভিন্ন দিশৰ পৰ্যালোচনা আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত বিত্তীয় হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।তাৰ ঠিক পাছতেই ‘দিল্লী স্কুল অৱ ইকনমিক্স’ৰ প্ৰাক্তন অধ্যাপক তথা প্ৰখ্যাত অৰ্থনীতিবিদ পুলিন বি নায়কে ‘ড০ গোপাল বৰদলৈ সোঁৱৰণী’ ভাষণ প্ৰদান কৰে। তেখেতে অৰ্থনীতিৰ পিতৃ হিচাপে খ্যাত এডাম স্মিথৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে  ‘দ্য ৱৰ্ল্ড অৱ এডাম স্মিথ’ শীৰ্ষক ভাষণ প্ৰদান কৰে। তেওঁ এডাম স্মিথৰ অৰ্থনৈতিক দৰ্শনৰ প্ৰধান ধাৰণা আৰু ধাৰণাসমূহৰ লগতে গঠনমূলক প্ৰভাৱৰ বিষয়ে আলোচনা কৰে। সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ বাৰেৰহণীয়া সংস্কৃতি পৰিৱেশন কৰা হয়। দ্বিতীয় দিনৰ অধিৱেশনত গুৱাহাটীৰ আই আই টিৰ সঞ্চালক তথা অধ্যাপক গৌতম বৰুৱাই ‘কৃত্ৰিম বুদ্ধিমত্তা’ৰ বিষয়ত এক বিশেষ বক্তৃতা প্ৰদান কৰে।

অধ্যাপক সৌন্দৰ্য বৰবৰাৰ সভাপতিত্বত এই আলোচনা অনুষ্ঠিত হয়।ইয়াৰ ঠিক পাছতেই ‘এক্ট ইষ্ট পলিচি’ৰ অধীনত উত্তৰ-পূবৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত এক বিশেষ আলোচনা হয়। এই বিশেষ আলোচনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক মাধুৰ্য প্ৰসাদ বেজবৰুৱা, ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ অধ্যাপক ইন্দ্ৰনীল ভৌমিক, মণিপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দামোদৰ নেপ্ৰাম, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক অমৰজ্যোতি মহন্ত আৰু গুৱাহাটীৰ আই আই টিৰ মৃণাল কান্তি দত্তই অংশগ্ৰহণ কৰে। আলোচনা চক্ৰত চাৰিটা মুখ্য কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয়, য’ত গৱেষকসকলে ১৮ টা সমান্তৰাল অধিৱেশনত গৱেষণা পত্ৰসমূহ উপস্থাপন কৰে। উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (NEHU)ৰ অধ্যাপক ভাগীৰথী পাণ্ডাই বহনক্ষম উন্নয়ন আৰু পৰিৱেশগত প্ৰত্যাহ্বানৰ বিষয়ে বক্তব্য আগ বঢ়ায়। এছ বি দেওৰা মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° আৰিফা তাবাচ্ছুমে সমগ্ৰ অনুষ্ঠানৰ কাৰ্যবিধিৰ প্ৰতিবেদন দাখিল কৰে। শ্ৰেষ্ঠ গৱেষণা পত্ৰ উপস্থাপন কৰোঁতা হিচাপে কটন বিশ্ববিদ্যালয়ৰ ড° তনুশ্ৰী বৰুৱা আৰু অসম বিশ্ববিদ্যালয়ৰ দেৱজিত চৌধুৰী আৰু ড° মানস ৰয়(যুটীয়াভাৱে)ক বিবেচনা কৰা হয়।