নিউ জাৰ্চীৰ মেটলাইফ ষ্টেডিয়ামত ২০২৬ৰ ফিফা বিশ্বকাপৰ ফাইনেল

270

ফিফা বিশ্বকাপৰ ২০২৬ৰ ফাইনেল নিউয়ৰ্ক/ নিউ জাৰ্চীৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। উল্লেখ্য যে ফিফাৰ আয়োজকসকলে দেওবাৰে এইটো ঘোষণা কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ফিফা বিশ্বকাপ ১১ জুনৰ পৰা মেক্সিকো চিটিৰ আইকনিক এজটেকা ষ্টেডিয়ামত আৰম্ভ হ’ব।

ফিফাৰ সভাপতি গিয়ানিৰ মতে, ২০২৬ৰ বিশ্বকাপ এতিয়ালৈকে আটাইতকৈ প্ৰভাৱশালী ফিফা বিশ্বকাপ হ’ব। ই এতিয়া সপোন নহয় কিন্তু এক বাস্তৱ, যি কানাডা, মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৬ খন অত্যাধুনিক ষ্টেডিয়ামত ১০৪ খন খেল অনুষ্ঠিত হোৱাৰ সৈতে সাৰ্থক হ’ব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ফিফাৰ সভাপতিয়ে কয় যে আটলাণ্টা আৰু ডালাছে ছেমি ফাইনেল আয়োজন কৰিব। আনহাতে তৃতীয় স্থানৰ খেলখন মিয়ামীত খেলা হ’ব। কোৱাৰ্টাৰ ফাইনেল খেললছ এঞ্জেলছ, কানছাছ চিটি, মিয়ামি আৰু বষ্টনত অনুষ্ঠিত হ’ব। তিনিখন দেশৰ মুঠ ১৬ খন চহৰে খেলসমূহ আয়োজন কৰিব, বেছিভাগ মেচ আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’ব।