ক্ৰিকেটপ্ৰেমীৰ দীৰ্ঘদিনীয়া প্ৰতিক্ষাৰ আজি অন্ত পৰিব। সংযুক্ত আৰব আমিৰশ্বাহীত (ইউ এ ই) আজিৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫। আজি প্ৰতিযোগিতাৰ প্ৰথমখন মেচত মুখামুখি হ’ব আফগানিস্তান আৰু হংকং। আজি নিশা ৮ বজাৰ পৰা আবুধাবিত আৰম্ভ হ’ব এই মেচখন। গ্ৰুপ বিৰ এই মেচখনত আফগানিস্তানকে জয়ৰ দাবীদাৰ হিচাপে দেখা গৈছে যদিও বেট-বলৰ যুঁজত যিকোনো ক্ষণতে হ’ব পৰা অঘটনৰ বাবে হংকঙকো নিশ্চয় সহজে লোৱা নহ’ব। গতিকে এই মেচখনত দৃষ্টি নিবদ্ধ হ’ব সকলোৰে।
