ফুটবল প্ৰেমীৰ দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৬ বৰ্ষীয়া স্পেনিছ তাৰকা                       

133

স্পেইনৰ ফুটবল জগতত আৱিৰ্ভাৱ ঘটা লামিন য়ামাল । দেশৰহৈ ইউৰো কাপ ফুটবলত নমা প্ৰথমগৰাকী কনিষ্ঠ খেলুৱৈ হিচাপে অতি দক্ষতা আৰু চকুত লগা খেল প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই গৰাকী উদীয়মান তাৰকাই। এইবাৰৰ ইউৰো কাপৰ ফ্ৰান্সৰ বিৰুদ্ধে প্ৰথমখন ছেমি ফাইনেলত স্পেইনৰ হৈ সুযোগ সন্ধানী য়ামালে প্ৰথমটো গল স্ক’ৰ কৰি ১-১ ড্ৰ সক্ষম হয়।

তাৰ পিছত স্পেইনৰ ২-১ গলত দুৰ্দান্ত জয় ।ফ্ৰান্সৰ শক্তিশালী ডিফেণ্ডাৰৰ দুৰ্গ ভেদ কৰি দৃষ্টি নন্দন গলটো দি নৱ প্ৰজন্মৰ ফুটবলাৰ গৰাকীয়ে দেশখনৰ বাবে যে তেওঁ অপৰিহাৰ্য অংগ তাৰেই ইংগিত প্ৰদান কৰিলে। বিগত বৰ্ষত নেচনেল টীমত প্ৰথম বাৰৰ বাবে খোজ দি ৪ খন মেচত ২ টা আৰু এইবেলি ইউৰো কাপত এটা গল কৰিবলৈ সক্ষম হৈছে উদীয়মান তাৰকা গৰাকীয়ে।

লক্ষনীয়ভাৱে স্পেনিছ তাৰকা জাভিয়ে ১৭ বছৰত দেশৰ হৈ আটাইতকৈ কম বয়সীয়া ফুটবলাৰ হিচাপে প্ৰতিনিধিত্ব কৰা ৰেকৰ্ড য়ামালে ভংগ কৰে।এগৰাকী দুৰ্দান্ত ফুটবল তাৰকা হিচাপে অদুৰ ভৱিষ্যতে লামিন য়ামালে বিশ্ব ফুটবলত আলোড়ন সৃষ্টি কৰাটো নিশ্চিত বুলি ফুটবল প্ৰেমী অনুধাৱন কৰিছে।