টেটলীয়ে এল-কাৰ্নিটিন সংযোজিত গ্ৰীণ টি স্লিম কেয়াৰ ৰেঞ্জ উন্মোচন কৰিছে। এই শেহতীয়া পদক্ষেপৰ লক্ষ্য হৈছে সুষম আহাৰ আৰু নিয়মিত শাৰীৰিক ব্যায়ামৰ সৈতে মিলাই ওজন নিয়ন্ত্ৰণ আৰু সামগ্ৰিক সুস্থতা সমৰ্থন কৰা এক সহজ, দৈনন্দিন বিকল্প গ্ৰাহকৰ বাবে আগবঢ়োৱা। নতুন ৰেঞ্জত উৎকৃষ্ট গ্ৰীণ টিৰ এণ্টিঅ’ক্সিডেণ্টৰ সৈতে এল-কাৰ্নিটিন সংমিশ্ৰণ কৰা হৈছে আৰু ইয়াক স্বল্পম্যাদী সমাধান হিচাপে নহয়, বৰং দৈনন্দিন জীৱনচৰ্যাৰ এক ব্যৱহাৰিক অংশ হিচাপে উপস্থাপন কৰা হৈছে। এই পণ্য বৰ্তমান দুটা স্বাদত উপলব্ধ — লেমন এণ্ড হানি, আৰু জিঞ্জাৰ, মিন্ট এণ্ড লেমন — যিবোৰ দিনৰ বিভিন্ন সময়ত সেৱন কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। লেমন এণ্ড হানিক ৰাতিপুৱাৰ মাজভাগত বা দুপৰীয়া চেনিযুক্ত পানীয়ৰ বিকল্প হিচাপে প্ৰস্তুত কৰা হৈছে, আনহাতে জিঞ্জাৰ, মিন্ট এণ্ড লেমনক আহাৰৰ পিছত বা সন্ধিয়াৰ সময়ত প্ৰাণোচ্ছল অভ্যাস আৰু পানীৰ অভাৱ পূৰণ কৰিবলৈ উপযোগী বুলি কোৱা হৈছে। কোম্পানীটোৰ মতে, সৰু-সৰু, ইতিবাচক ৱেলনেছ অভ্যাস গঢ়ি তোলাত সহায় কৰাটোৱেই এই পদক্ষেপৰ মূল উদ্দেশ্য।
প্ৰেছ বিজ্ঞপ্তি অনুসাৰে, নিয়মিত শাৰীৰিক ব্যায়াম আৰু সুষম আহাৰৰ সৈতে সেৱন কৰা এল-কাৰ্নিটিনে শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। টেটলীয়ে লগতে স্পষ্ট কৰি দিছে যে “শ্লীম কেয়াৰ” এটা ব্ৰেণ্ডৰ নাম মাত্ৰ, ই পণ্যটোৰ সম্পূৰ্ণ ফলাফলৰ দাবী নকৰে। গুৱাহাটী মহানগৰীত গ্ৰীণ টি আৰু সুস্থতা-কেন্দ্ৰিক পানীয়ৰ চাহিদা বৃদ্ধি পাইছে, যাৰ মূল কাৰণ হৈছে ফিটনেছ, যোগ আৰু জীৱনধাৰা-কেন্দ্ৰিক স্বাস্থ্য বিষয়ত সচেতনতা বৃদ্ধি। খুচুৰা বিক্ৰেতাসকলে কয় যে, গ্ৰাহকসকলে ব্যয়বহুল চাপ্লিমেণ্টৰ সলনি দৈনন্দিন ব্যৱহাৰৰ বাবে সঠিক ৱেলনেছ পণ্য বিচাৰিছে, যাৰ বাবে গ্ৰীণ টি-ভিত্তিক সামগ্ৰীসমূহ নগৰীয়া আৰু অৰ্ধ-নগৰীয়া বজাৰত বিশেষ আকৰ্ষণীয় হৈ উঠিছে।
টেটলী গ্ৰীণ টি শ্লীম কেয়াৰ ৰেঞ্জ এতিয়া ২৫টা টি বেগৰ পেক ১৯৫ টকা আৰু ১০টা টি বেগৰ পেক ৮০ টকাত খুচুৰা বিপনী আৰু ই-কমাৰ্চ প্লেটফৰ্মসমূহত উপলব্ধ।
