বহুতে হেনো জীয়েকৰ উপাৰ্জনেৰে খাই থকা বুলি পিতৃক হাঁহিছিল ৷ এফালে কন্যাই বনোৱা ৰীলছ আনফালে টেনিছ একাডেমী, এটাও সহ্য হোৱা নাছিল পিতৃ দীপক যাদৱৰ ৷তাৰকা তাৰকা ৰীলছ বনোৱাটোৱেই কাল হ’ল ! পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা – এটা নহয়, দুটা নহয়, একেৰাহে তিনিটাকৈ গুলীয়ে বুকু ভেদি গ’ল উদীয়মান 25 বছৰীয়া টেনিছ খেলুৱৈগৰাকীৰ ৷
স্বাভাৱিক কথা- কাৰোবাক নিচেই ওচৰৰ পৰা তিনিটাকৈ গুলীয়ে আঘাত কৰাৰ পিছত জীয়াই থকাৰ সম্ভাৱনা প্ৰায় নাথাকেই ৷ এইগৰাকী দুৰ্ভগীয়া টেনিছ খেলুৱৈয়েও শেষনিশ্বাস ত্যাগ কৰিলে ৷খেলুৱৈগৰাকীৰ নাম ৰাধিকা যাদৱ ৷গুৰগ্ৰামৰ ছেক্টৰ-৫৭ৰ সুশান্ত লোক-২ নামৰ ঘৰটোত সংঘটিত হৈছে এই ঘটনা। কিন্তু অতি প্ৰতিভাৱান এই টেনিছ খেলুৱৈগৰাকীক কিয় নিজ পিতৃয়েই গুলীয়াই হত্যা কৰিলে সেয়া এতিয়াও অস্পষ্ট।
অৱশ্যে আৰক্ষীয়ে এই ৰহস্য ভেদ কৰিবলৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষী সূত্ৰতে প্ৰকাশিত খবৰ অনুসৰি এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ ৰীল। ৰীল বনোৱাক কেন্দ্ৰ কৰিয়েই প্ৰথমে পিতৃ-কন্যাৰ মাজত সংঘটিত হৈছিল কাজিয়া। তাৰ পিছতে সংঘটিত হয় এই ঘটনা। অৱশ্যে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এই তথ্য সদৰী কৰা নাই।
