বৰ্তমানেও আৱদ্ধ হৈ আছে সুৰংগৰ ভিতৰত আৱদ্ধ হৈ পৰা শ্ৰমিক

9

শনিবাৰে তেলেংগানাৰ এক নিৰ্মাণৰত সুৰংগৰ এটা অংশ খহি পৰাৰ ফলত কৰ্মৰত অৱস্থাতে সুৰংগৰ ভিতৰত আৱদ্ধ হৈ পৰে ৮ জন শ্ৰমিক। এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান।

পিছে এতিয়া এই শ্ৰমিকসকলৰ জীয়াই থকাৰ সম্ভাৱনা তেনেই ক্ষীণ বুলি মন্তব্য কৰিছে ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীয়ে।ঘটনাৰ দুটা দিন অতিক্ৰম কৰাৰ পিছত এই শ্ৰমিকসকল জীয়াই থকাৰ সম্ভাৱনা ক্ৰমাৎ ক্ষীণ হৈ পৰিছে।

এতিয়া তেলেংগানা চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে মুকলিকৈ তেনে সম্ভাৱনাই প্ৰকাশ কৰিছে। সুৰংগৰ এই দুৰ্ঘটনা সন্দৰ্ভত তেলেংগানাৰ মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাৱে এক বিবৃতি প্ৰকাশ কৰিছে।যোৱা ৪৮ ঘণ্টা ধৰি সুৰংগটোত আবদ্ধ হৈ থকা লোকসকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে। আৱদ্ধ লোকসকলক উত্তৰ প্ৰদেশৰ মনোজ কুমাৰ আৰু শ্ৰী নিভাছ, জম্মু-কাশ্মীৰৰ ছানী সিং, পঞ্জাৱৰ গুৰপ্ৰীত সিং আৰু ঝাৰখণ্ডৰ পৰা সন্দীপ সাহু, জগতা জেছ, সন্তোষ সাহু আৰু অনুজ সাহু বুলি চিনাক্ত কৰিছে কৰ্তৃপক্ষই।