তেলেংগানাৰ নগৰকুৰনুল জিলাত নিৰ্মাণাধীন শ্ৰীশৈলাম লেফ্ট বেংক কেনেলৰ সুৰংগৰ এটা অংশ হঠাতে ভাঙি পৰে। এই দুৰ্ঘটনাত সুৰংগটোত কাম কৰি থকা ৬ জন শ্ৰমিক খহি পৰা কংক্ৰীটৰ তলত আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে।জানিব পৰা মতে তেলেংগানাৰ নগৰকুৰনুল জিলাত আজি নিৰ্মাণাধীন শ্ৰীশৈলাম লেফ্ট বেংক কেনেলৰ সুৰংগৰ এটা অংশ হঠাতে ভাঙি পৰে। এই দুৰ্ঘটনাত সুৰংগটোত কাম কৰি থকা ৬ জন শ্ৰমিক খহি পৰা কংক্ৰীটৰ তলত আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে।ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলাই থকা হৈছে। উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ দল।আৱদ্ধ শ্ৰমিকসকলৰ জীৱনক লৈ চিন্তিত হৈ পৰিছে সকলো।