বানৰ কবলত তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ

263

তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত চলি থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্য দুখনৰ বহুতো অঞ্চলত বানৰ কলবত পৰিছে। ৰেল আৰু বাছ সেৱা প্ৰভাৱিত হৈছে। দুয়োখন ৰাজ্যতে, বান প্ৰভাৱিত অঞ্চলৰ পৰা স্থানীয় লোকসকলক স্থানান্তৰ কৰা হৈছে আৰু সাহায্য শিবিৰলৈ লৈ যোৱা হৈছে। এনডিআৰএফৰ ২৬ টা দল মোতায়েন কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ সৈতে কথা পাতি কেন্দ্ৰৰ পৰা সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে। তেলেংগানাৰ ৰাজহ মন্ত্ৰী পংগুলেটি শ্ৰীনিবাস ৰেড্ডীয়ে কয় যে কেইবাটাও সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা স্বত্বেও তেলেংগানাত ৯ জন লোকৰ মৃত্যু হৈছে।

তেলেংগানাৰ মহাবুবাবাদ আৰু খাম্মাম জিলাত বানপানীৰ ফলত কমেও তিনিজন লোক উটি যোৱাৰ আশংকা কৰা হৈছে।মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে এখন জৰুৰী বৈঠক আহ্বান কৰিছে। তেলেংগানাৰ লগতে অন্ধ্ৰ প্ৰদেশৰ বহুতো অঞ্চলত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আশা কৰা হৈছে।