অৱশেষত ফেণ্টম ভি ফ’ল্ড মোবাইলৰ স্পেচিয়েল ফেষ্টিভ মূল্য প্ৰকাশ, জনপ্ৰিয় অভিনেতা যীশু সেনগুপ্তাই মুকলি কৰিলে স্পাৰ্ক গো ২০২৪

516

গ্লবেল প্ৰিমিয়াম স্মাৰ্টফোন ব্ৰেণ্ড টেকন’ই  ফেণ্টম ভি ফ’ল্ড মোবাইলৰ বাবে ৬৯,৯৯৯ টকাৰ এক স্পেচিয়েল ফেষ্টিভ মূল্য ঘোষণা কৰিছে, যাৰ প্ৰাৰম্ভিক মূল্য আছিল ৮৮,৮৮৮ টকা। কলকাতাৰ প্ৰখ্যাত টেক ৰিটেইলৰ দ্য প্ৰাইম ম’বাইল এণ্ড গেজেট ষ্ট’ৰত জনপ্ৰিয় অভিনেতা যীশু সেনগুপ্তাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই ঘোষণা কৰা হয়, গতিশীল আৰু ক্ৰমবৰ্ধমান পূব ভাৰতত ব্ৰেণ্ডটোৰ সংযোগ আৰু স্থান যাতে আৰু অধিক প্ৰতিষ্ঠা আৰু শক্তিশালী কৰিব পাৰি তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

এই ফেণ্টম ভি ফ’ল্ড  হৈছে মেড ইন ইণ্ডিয়া ফোন আৰু ১০০ হাজাৰতকৈ কম মূল্যৰ  ফল্ডেবল ফোনত ৭.৬৫ ইঞ্চি ২কে এলটিপিঅ’ এমোল্ড ডিছপ্লে আৰু ৫-লেন্সৰ আল্ট্ৰা এইচডি কেমেৰা চিষ্টেম আছে। ইয়াত মিডিয়াটেক ৯০০০+ ৫জি প্ৰচেছৰ আছে। ইফালে, টেকন’ই এস্পিৰেচনেল(উচ্চাকাংক্ষী) ভাৰতৰ বাজেট স্মাৰ্টফোন ছেগমেণ্টত নিজৰ স্থান শক্তিশালী কৰিবলৈ ৬,৬৯৯  টকা মূল্যৰ হাই-ভেল্যু এণ্ট্ৰি লেভেল স্মাৰ্টফোন স্পাৰ্ক গ’ ২০২৪ মুকলি কৰিছে।

এই নতুন স্মাৰ্টফোনটো মুকলিৰ বিষয়ে মন্তব্য কৰি টেকন’ মোবাইল ইণ্ডিয়াৰ চিইঅ’অৰিজিত তালাপাত্ৰই কয় যে, “এই দুয়োটা স্মাৰ্টফোন মুকলিৰ লগে লগে প্ৰতিজন ভাৰতীয়ক শক্তিশালী কৰাৰ আমাৰ নিৰন্তৰ অনুসৰণৰ এয়া এক প্ৰমাণ, আমি সঁচাকৈয়ে এনে এক সঁজুলি প্ৰদান কৰিছোঁ, যিয়ে দৈনন্দিন জীৱনত প্ৰিমিয়াম সুবিধাসমূহ নিৰৱচ্ছিন্নভাৱেএকত্ৰিত কৰে।”