টেকনোৰ কেমন ১৯ প্ৰ’ ৫জি মুকলি

976

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ফেশ্বন আৰু জীৱনশৈলী আলোচনী কস্মোপলিটান ইণ্ডিয়াৰ সহযোগত বিশ্বব্যাপী প্ৰিমিয়াম স্মাৰ্টফোন ব্ৰেণ্ড টেকনো (TECNO) ম’বাইলে বহু প্ৰতীক্ষিত কেমন ১৯ প্ৰ’ ৫জি (CAMON 19 Pro 5G) স্মাৰ্টফোন মুকলি কৰে। এই স্মাৰ্টফোনটো ‘এ ষ্টাইলিছ এফেয়াৰ’ শীৰ্ষক এক ফেশ্বন অনুষ্ঠানত মুকলি কৰে।

কেমন ১৯ শৃংখলাটো এই বছৰৰ জুলাইৰ আৰম্ভণিতে মুকলি কৰা হৈছিল আৰু ইয়াত তিনিটা ফিচাৰ আছে – কেমন ১৯ নিও, কেমন ১৯ আৰু কেমন ১৯ প্ৰ’ ৫জি। কস্মোপলিটান ইণ্ডিয়াৰ আগষ্ট ডিজিটেল কভাৰটো কেমন ১৯ ৰে সজোৱা হৈছিল। কেমন ১৯ প্ৰ’ ৫জি হৈছে প্ৰযুক্তি আৰু ষ্টাইলৰ মাজত এক সুন্দৰ ভাৰসাম্য। কেমন ১৯ প্ৰ’ ৫জি হৈছে কেমন ১৯-ৰ এটা উন্নত সংস্কৰণ। প্ৰ’ ৫জি সংস্কৰণত আছে আৰজিবিডব্লিউ+ (জি+পি)ৰ  লগতে আছে অপ্টিকেল ইমেজ ষ্টেবিলাইজেচন (অ’আইএছ) আৰু হাইব্ৰিড ইমেজ ষ্টেবিলাইজেচন (এইচআইএছ)। কেমন ১৯ প্ৰ’৫ জিত অবিশ্বাস্য ৫জি সংযোগ আছে। স্মাৰ্টফোনটোৰ মূল্য ২১,৯৯৯ টকা হ’ব। এইটো দুটা ৰঙত উপলব্ধ হ’ব – ইকো ব্লেক আৰু চিডাৰ গ্ৰীণ।

টেকনো কেমন ১৯ প্র’ ৫জি-ৰ মুখ্য ইউএছপি:  আল্ট্ৰা ক্লেৰিটিৰ বাবে ইণ্ডাষ্ট্ৰী ১ম আৰজিবিডব্লিউ+ (জি+পি) লেন্সৰ সৈতে ৬৪ মেগাপিক্সেল অ’আইএছ কেমেৰা, ছুপাৰ হাইব্ৰিড ইমেজ ষ্টেবিলাইজেচন, ভিডিঅ’ এইচডিআৰ, ভিডিঅ’ বোকেহ, ফিল্ম মোড, ডিমেন্সিটি ৮১০ শক্তিশালী ৫জি প্ৰচেছৰ, মিডিয়াটেক হাইপাৰইঞ্জিন ২.০ৰ সৈতে মালি-জি৫৭ জিপিইউ, ১২০হাৰ্জ ৰিফ্ৰেছ ৰেটৰ সৈতে ৬.৮” এফএইচডি+, বিউটি বিষ্ট, ০.৯৮ মিলিমিটাৰ অত্যন্ত নেৰ বেজেলৰ সৈতে ৯৪.২৬% হাই স্ক্ৰীণৰ বডী অনুপাত, ৬.৮”এফএইচডি+ ডিচপ্লে, ১৩জিবি ৰেমৰ সৈতে মেম’ৰী ফিউজনৰ আৰু ১২৮জিবি ইউএফএছ ২.২ ইন্টাৰনেল ষ্টোৰেজ, ৫১২জিবি লৈকে সমৰ্পিত সম্প্ৰসাৰণযোগ্য ষ্ট’ৰেজ শ্লট, ৫০০০এমএএইচ উচ্চ ক্ষমতাৰ বেটাৰিৰ সৈতে ৩৩ডব্লিউ ফ্লেছ চাৰ্জাৰ আছে।