ভাৰতীয় ক্ৰিকেট দলে চলিত মাহৰ শেষৰ ফালে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ব্ৰিটেইনত উপস্থিত হৈছে। এই শৃংখলাটো ২০২৫–২৭ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰৰ অংশ। শুকুৰবাৰে নিশা মুম্বাইৰ পৰা ব্ৰিটেইনলৈ ৰাওনা হৈছে ভাৰতীয় দলটো। শেহতীয়াকৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে ষ্টালৱাৰ্টৰ অৱসৰৰ পিছত নতুন যুগৰ আৰম্ভণি হব, ভাৰতীয় দলটোৰ নেতৃত্ব দিব নৱনিযুক্ত অধিনায়ক শুবমান গিলে।
ইতিমধ্যে ইণ্ডিয়া এ দলৰ অংশ হিচাপে ইংলেণ্ডত উপস্থিত হৈছে কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ। ইণ্ডিয়া এ বৰ্তমান ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে তিনিখন খেলৰ অনুশীলন টেষ্ট শৃংখলা খেলি আছে।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এক্সত পোষ্ট কৰা এটা ভিডিঅ’ত প্ৰথমবাৰৰ বাবে টেষ্ট দলত অন্তৰ্ভুক্ত হোৱা ছাই সুদৰ্শনে কয় যে ভাৰতীয় ক্ৰিকেট দলৰ অংশ হ’বলৈ পাই ভাল লাগিছে।
২০ জুনৰ পৰা লিডছত প্ৰথমখন টেষ্ট অনুষ্ঠিত হ’ব।ইয়াৰ পিছত বাৰ্মিংহাম (২-৬ জুলাই), লৰ্ডছ (১০-১৪ জুলাই), মানচেষ্টাৰ (২৩-২৭ জুলাই) আৰু দ্য অভাল (৪-৮ আগষ্ট)ত খেল অনুষ্ঠিত হ’ব।
