ৱৰ্ল্ড স্কিলছ ২০২৪ত অংশ ল’বলৈ ফ্ৰান্সৰ লিয়নত উপস্থিত ভাৰতীয় দল, বিশ্বজনীন দক্ষতা প্ৰতিযোগিতাত অংশ ল’বলৈ সাজু

161

প্ৰথিতযশা ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ৬০ জনীয়া দলটো ফ্ৰান্সৰ লিয়নত উপস্থিত হৈছেগৈ। এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ ইতিহাসত সৰ্বাধিক প্ৰতিযোগীয়ে এইবাৰ অংশগ্ৰহণ কৰিছে, এইসকল প্ৰতিযোগীয়ে ৭০খনতকৈও অধিক দেশৰ অংশগ্ৰহণকাৰীৰ বিৰুদ্ধে ৫২টা দক্ষতা শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ২০২৪ৰ ১০-১৫ ছেপ্টেম্বৰলৈ ইউৰো এক্সপ’ লিয়নত আয়োজিত এই প্ৰতিযোগিতাত ২.৫ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰিব।

ভাৰতৰ দলটোৱে ইতিহাস সৃষ্টি কৰি বৈচিত্ৰ্যময় প্ৰদৰ্শন আগবঢ়াব, এইবাৰৰ অংশগ্ৰহণকাৰীসকলৰ অন্যতম হৈছে মিজোৰাম আৰু আন্দামান আৰু নিকোবৰৰ দৰে দূৰৱৰ্তী অঞ্চলৰো। এই বৰ্ষটো এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব, কিয়নো ভাৰতৰ মহিলাসকলে পৰম্পৰাগতভাৱে পুৰুষ প্ৰধানক্ষেত্ৰ-যেনে, ৱেল্ডিং আৰু প্লাম্বিঙতো প্ৰতিদ্বন্দিতা কৰিব। ৱৰ্ল্ডস্কিলছ প্ৰতিযোগিতাক দক্ষতাৰ অলিম্পিক বুলি অভিহিত কৰা হয়, য’ত ১৪০০ প্ৰতিযোগী আৰু ১৩০০ বিশেষজ্ঞ জড়িত হৈ থাকে। ভাৰতৰ অংশগ্ৰহণে সমগ্ৰ দেশখনক দক্ষ প্ৰতিভাৰ গ্লবেল হাব হিচাপে স্থান দিয়াৰ চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে।

ভাৰতৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিসকলেও গুৰুত্বপূৰ্ণ দিশসমূহ তদাৰক কৰি আছে, যেনে টাৰ্নিং আৰু মিলিঙৰ দৰে সঠিক দক্ষতাৰে কাৰিকৰী মানদণ্ড পৰিচালনা কৰা, সঠিকভাৱে প্ৰতিযোগিতা সম্পন্ন হোৱাটো নিশ্চিত কৰা। ১০০ৰো অধিক উদ্যোগ অংশীদাৰৰ দ্বাৰা সমৰ্থিত ভাৰতীয় দলটোৱে এই বিশ্বজনীন অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বাবে কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।